ETV Bharat / state

হোজাইত পথ নিৰ্মাণৰ নামত ঠিকাদাৰৰ লুন্ঠন - Hojai Road Construction

অতি নিম্ম মানৰ কামেৰে ঠিকাদাৰে লুন্ঠন চলাইছে হোজাইত

ঠিকাদাৰৰ লুন্ঠন
author img

By

Published : Feb 13, 2019, 10:21 PM IST

হোজাই, ১৩ ফেব্ৰুৱাৰীঃ ২০১৭-১৮ বিত্তীয় বৰ্ষত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত হোজাইৰ দক্ষিণ বিদ্যানগৰৰ পৰা টুম্পপ্ৰেং ৰোধ সংযোগী পথ ছোৱা নিৰ্মানৰ বাবে আবন্টিত হৈছিল প্ৰায় ৭ কোটি টকা । মাত্ৰ ৯৯০ মিটাৰ এই পথছোৱা নিৰ্মাণৰ বাবে বৃহৎ ধন ৰাশি আবন্টন দিয়াৰ পাছতো ঠিকাদাৰ গোপাল পালৰ বিৰুদ্ধে উত্থাপিত হৈছে লুণ্ঠনৰ অভিযোগ ।

ঠিকাদাৰৰ লুন্ঠন
পথচোৱাৰ নিৰ্মাণত মাটি ,শিল ,ৰাবিজৰ মাত্ৰা একেবাৰে নূন্যতম পৰিমানে ব্যৱহাৰ কৰাৰ লগতে পথৰ দুয়োকাষে লগোৱা নাই কোনো ছাইড বাম । ইয়াৰ লগতে ৰাস্তাৰ মাজত নিৰ্মান কৰা কালভাৰ্ট দুদিন উকলি যোৱাৰ পিচতে মেলিছে বৃহৎ ফাট । ইয়াৰ লগতে কালভাৰ্টৰ তলৰ অংশত দিবলগীয়া বল্ডাৰৰো কোনো চিনচাব নাই । পুৰণি ইটা পৰিষ্কাৰ কৰি তাক ব্যৱহাৰ কৰা হৈছে কালভাৰ্টত । আনহাতে কামৰ তদাৰকী বিয়াগোম গড়কাপ্তানী বিভাগৰ অভিযন্তাগৰাকীৰ বিৰুদ্ধেও উত্থাপিত হৈছে গুৰুতৰ অভিযোগ । কামৰ তদাৰক কৰিবলৈ কোনোদিনে নাহিল অভিযন্তাগৰাকী । চৰকাৰী ধনৰ এইদৰে শৰাধ পাতি এতিয়া একাংশ চৰকাৰী বিষয়াই ঠিকাদাৰৰে সৈতে মিলি গড়কাপ্তানি বিভাগত এইদৰেই চলাই আছে লুন্ঠনৰাজ ।
undefined

Slug : হোজাইত সাত কোটি  টকা ব্যয়ৰে নিৰ্মাণ চলি থকা পথত ঠিকাদাৰৰ লুণ্ঠন।।

Date : 13.02.2019

Vis : email

Story : ২৯ অক্টোবৰ ২০১৮ ত  স্থাপন কৰিছিল এই পথছোৱা নিৰ্মাণৰ আধাৰশিলা।।২০১৭ -১৮ বিত্তীয় বৰ্ষৰ প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত দক্ষিণ বিদ্যানগৰৰ পৰা টুম্পপ্ৰেং ৰোধ সংযোগী এই পথ ছোৱা নিৰ্মানৰ বাবে আবন্টন দিয়া হৈছে প্ৰায় ৭ কোটি টকা।।মাত্ৰ ৯৯০ মিটাৰ এই পথছোৱা নিৰ্মাণৰ বাবে বৃহৎ ধন ৰাশি আবন্টন দিয়াৰ পাছতো ঠিকাদাৰ গোপাল পালে চলাইছে লুণ্ঠন। কামৰ নমুনা আৰু ৰাইজৰ অভিযোগে উদঙাইছে লুণ্ঠন ৰাজৰ স্বৰূপ।।হয় পথত মাটি ,শিল ,ৰাবিজৰ মাত্ৰা একেবাৰে নূন্যতম।।ঠিকাদাৰে সঠিককৈ ৰুলাৰো নচালালে পথত।।পথৰ দুয়োকাষে দিব লাগিছিল ছাইড বাম।।পিছে সেয়াও নাইকীয়া।।ৰাস্তাৰ মাজত নিৰ্মান কৰা হৈছে এটা কালভাৰ্ট ।।কালভাৰ্ট নিৰ্মান কৰা শেষ হোৱা আজি মাত্ৰ দুদিন উকলিছেহে কিন্তু এতিয়াই মেলিছে ফাট।কালভাৰ্টৰ তলৰ অংশত দিব লাগিছিল বল্ডাৰ কিন্তু তাতো নাই বল্ডাৰৰ কোনো চিন চাব।পুৰণি ইটা পৰিষ্কাৰ কৰাৰ পিছত ব্যৱহাৰ কৰা হৈছে কালভাটত।।কামৰ তদাৰক কৰা গড়কাপ্তানী বিভাগৰ অভিযন্তাৰ নাই খবৰ।।কাম তদাৰক কৰিবলৈয়ো নাহে অভিযন্তা গৰাকী।।মাত্ৰ এবাৰ দুবাৰ হে কামৰ তদাৰক কৰিয়েই দায়িত্ব সামৰিলে অভিযন্তাই।।চি চি ব্লকৰ অৱস্থা চাওক লগাইছেহে মাত্ৰ টুকুৰা হোৱা আৰম্ভ হলেই।।পথ ছোৱা নিৰ্মাণৰ নামত ইমান দুৰ্নীতি আৰু নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ বাবে ৰাইজ ওলাই আহি কাম  বন্ধ কৰাৰ দাবীত সৃষ্টি কৰিলে উত্তেজনাময় পৰিবেশ।।ৰাইজে অৱশেষত কাম বন্ধ কৰি বিভাগীয় বিষয়াক আহি কামৰ মানদণ্ড প্ৰত্যক্ষ কৰিবলৈয়ো জনালে আহ্বান। এতিয়া প্ৰশ্ন হয় নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰেৰে পথ নিৰ্মাণত ঠিকাদাৰে  সংঘটিত কৰা দুৰ্নীতিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সংশ্লিষ্ট বিভাগে।।

হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.