হোজাই ,২২ জুন: সমগ্ৰ দেশতে চলি আছে প্ৰতিষেধক(Vaccine) প্ৰদান কাৰ্যসূচী । কৰ'ণা দ্বিতীয় ঢৌৱে(Second wave) সমগ্ৰ দেশতে ভয়ংকৰ পৰিৱেশৰ সূচনা কৰাৰ সময়তে বিশেষজ্ঞসকলে উল্লেখ কৰিছে যে কৰ'ণা(Corona) বিৰুদ্ধে জয়ী হ'বলৈ ক'ভিড(Covid) স্বাস্থ্যবিধি পালন কৰাৰ উপৰিও প্ৰতিষেধক গ্ৰহণ কৰা অতি প্ৰয়োজন । সেই কথাৰ প্ৰতি লক্ষ্য ৰাখি অসমতো দ্ৰুতগতিত চলিছে প্ৰতিষেধকৰ কাৰ্যসূচী । প্ৰতিখন জিলাতে প্ৰশাসনে তৎপৰতাৰে ৰাইজক প্ৰতিষেধক প্ৰদান কৰা দেখা গৈছে ।
![vaccination](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-hojai-05-22jun-press-release-photo-10015_22062021195613_2206f_1624371973_1100.jpg)
ইতিমধ্যে অসম চৰকাৰে সিদ্ধান্ত লৈছে যে প্ৰতিদিনে অসমত ৩ লাখ লোকক প্ৰতিষেধক প্ৰদান কৰা হ'ব । হোজাই জিলাতো আৰম্ভ হৈছে ব্যাপক টীকাকৰণ অভিযান । ২১ জুন তাৰিখৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হোৱা বৃহৎ ক'ভিড-১৯ টীকাকৰণ(Vaccination) অভিযান প্রক্রিয়াৰ লগত সংগতি ৰাখি হোজাই জিলাতো আৰম্ভ হৈছে এই ব্যাপক টীকাকৰণ অভিযান । জিলা প্রশাসনৰ তত্বাৱধানত চলি থকা এই অভিযানত ২১ জুন তাৰিখে জিলাখনত ৬৭ টা টীকাকৰণ কেন্দ্রৰ জৰিয়তে মুঠ দহ হাজাৰ ব্যক্তিক টীকাকৰণৰ বাবে লক্ষ্য স্থিৰ কৰা হৈছিল কিন্তু জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগৰ সন্মিলিত প্রচেষ্টাত এই লক্ষ্য অতিক্রম কৰি মুঠ দহ হাজাৰ সাত শ তিনি গৰাকী ব্যক্তিক প্রতিষেধক প্রদান কৰা হয় ।
![vaccination](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-hojai-05-22jun-press-release-photo-10015_22062021195613_2206f_1624371973_261.jpg)
এই টীকাকৰণ অভিযান প্রক্রিয়াৰ বুজ ল'বলৈ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব সিদ্ধার্থ সিঙে হোজাই জিলাত উপস্থিত থাকে । জিলাখনৰ হোজাই, লংকা, লামডিং আৰু ডৱকা অঞ্চলস্থিত বিভিন্ন টীকাকৰণ কেন্দ্র পৰিদর্শন কৰে সচিব গৰাকীয়ে । এই টীকাকৰণ অভিযান আৰু অধিক ক্ষীপ্র কৰাৰ লক্ষ্যৰে উপায়ুক্ত ডাঃ সদনেক সিঙে সমগ্ৰ প্রক্রিয়া পৰ্য্যবেক্ষণ কৰাৰ লগতে কেন্দ্র সমূহ পৰিদৰ্শন কৰি আছে । উপায়ুক্ত গৰাকীয়ে এই টীকাকৰণ আভিযানত অংশগ্রহণ কৰি ক'ভিড প্রতিষেধক গ্ৰহণ কৰিবলৈ জিলাবাসী ৰাইজক আহবান জনায় ।
এই সম্পৰ্কে মঙলবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ(Press release) জৰিয়তে হোজাই জিলা জনসংযোগ বিভাগৰ পৰা জানিবলৈ দিয়ে ।