হোজাই,18 মে’: সান্ধ্য আইনৰ মাজতেই হোজাইত এগৰাকী অচিনাকী যুৱতী উদ্ধাৰ । সোমবাৰে সন্ধিয়া ৬ বজাত ইছলাম নগৰত একাংশ সচেতন লোকে উদ্ধাৰ কৰে যুৱতী গৰাকীক ৷ পৰৱৰ্তী সময়ত যুৱতী গৰাকীক স্থানীয় ৰাইজে নীলবাগান আৰক্ষীক গতাই দিয়ে ৷ অৱশেষত নীলবাগান আৰু হোজাই আৰক্ষীয়ে যুটীয়া সহযোগত যুৱতীগৰাকীক ৰাইজৰ পৰা চমজাই লৈ তদন্তৰ বাবে থানালৈ নিয়ে ৷
উদ্ধাৰ হোৱা যুৱতী গৰাকী বিশেষভাৱে সক্ষম বুলি সন্দেহ কৰা হৈছে ৷ ৰাইজৰ সহযোগত উদ্ধাৰ হোৱা যুৱতী গৰাকীৰ পৰিচয় এতিয়াও উদ্ধাৰ কৰিব পৰা নাই ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷
লগতে পঢ়ক: সংগীতৰ জৰিয়তে ক'ভিড সজাগতা সৃষ্টি ডিমা হাছাও প্ৰশাসনৰ