হোজাই,6 মে’ঃ হোজাইত চৰকাৰে মুকলি কৰা উজলা গেছ আঁচনিত সংঘটিত ব্যাপক দুৰ্নীতি ৷ জিলাখনৰ ২ আৰু ৩নং কাকীত আঁচনিখনৰ অধীনত গেছ বিতৰণত ব্যাপক অনিয়ম সংঘটিতৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লংকাৰ লংকেশ্বৰী গেছ এজেঞ্চীৰ অধীনৰ কাকীৰ নাৰিকলি গাঁৱৰ বিশটা দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালে ২০১৯ চনৰ জুন-জুলাই মাহত উজলা গেছ আঁচনিৰ অধীনৰ বিনামূলীয়া গেছ লাভ কৰিবলৈ আবেদন জনায় ৷ কিন্তু অঞ্চলটোৰ যুৱক তথা বিজেপি কৰ্মী দাদুল বৰাই এই গেছ দিয়াৰ নামত এবাৰ-দুৱাৰকৈ অজুহাত দেখুৱাই পৰিয়াল কেইটাৰ পৰা সংগ্ৰহ কৰে নগদ ধন ৷ একোটা পৰিয়ালৰ পৰা 1000-1500 পৰ্যন্ত ধন লৈ যুৱকজনে আজিকোপতি পৰিয়াল কেইটাক প্ৰদান নকৰিলে গেছৰ কাৰ্ডকে ধৰি সামগ্ৰীসমূহ ৷
আনহাতে, আন একাংশই আঁচনিৰ অধীনত গেছৰ চৌকা আৰু চিলিণ্ডাৰ লাভ কৰে যদিও উল্লেখিত পৰিয়ালসমূহে কাৰ্ড খনো লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ ফলত, পানীত হাঁহ নচলা অৱস্থাৰ সৃষ্টি হৈছে পৰিয়ালকেইটাৰ মাজত ৷ গেছ লাভৰ পৰা বঞ্চিত পৰিয়ালকেইটাই বিজেপি কৰ্মী দাদুল বৰাৰ বিৰুদ্ধে ধন লুণ্ঠনৰ লগতে প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰিছে ৷