ETV Bharat / state

উদালি কাণ্ড : এমাহৰ ভিতৰতে দাখিল কৰিব লাগিব অভিযোগনামা - gp singh ips

বৃহস্পতিবাৰে হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান(Spl DGP) জি পি সিঙে উদালিৰ ফুলতলী আদৰ্শ চিকিৎসালয়ত সংঘটিত হোৱা চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ নিগ্ৰহৰ ঘটনাৰ বুজ লয় ৷

doctors attack in udali
উদালি কাণ্ড: এমাহৰ ভিতৰতে দাখিল কৰিব লাগিব অভিযোগ নামা
author img

By

Published : Jun 10, 2021, 9:15 PM IST

Updated : Jun 10, 2021, 9:27 PM IST

হোজাই,10 জুন : চলিত মাহৰ প্ৰথম সপ্তাহতে হোজাই জিলাৰ উদালিৰ ফুলতলী আদৰ্শ চিকিৎসালয়ত সংঘটিত হোৱা চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ নিগ্ৰহৰ ঘটনাৰ বুজ ল'লে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান(Spl DGP) জি পি সিঙে ৷ বৃহস্পতিবাৰে হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে তদন্তকাৰী বিষয়াৰ লগত এক আলোচনাত মিলিত হয় ৷ আলোচনাৰ অন্তত জি পি সিঙে হোজাই আৰক্ষীক ঘটনা সন্দৰ্ভত এমাহৰ ভিতৰতে আদালতত অভিযোগ নামা দাখিলৰ নিৰ্দেশ দিয়াৰ লগতে যিসকল অপৰাধীক বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই সেইসকলৰ বাবে আইনী ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া বুলি বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সদৰি কৰে ৷

এমাহৰ ভিতৰতে দাখিল কৰিব লাগিব উদালি কাণ্ডৰ অভিযোগনামা

আনহাতে, বুধবাৰে কাজিৰঙাত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত অসম আৰক্ষীৰ উচ্চ পদস্থ আৰক্ষী বিষয়া সকলৰ লগত হোৱা গুৰুত্বপূৰ্ণ আলোচনা সভা সন্দৰ্ভত মন্তব্য কৰি জি পি সিঙে কয়, আগন্তুক দিনত যদি এনেদৰে ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান চলি থাকে তেন্তে অসমত ড্ৰাগছৰ লগত জড়িত অভিযুক্ত বহু কমি যাব ৷ পৰৱৰ্তী সময়ত অসমৰ বাহিৰত থকা চোৰাং ড্ৰাগছ ব্যৱসায়ী সকলকো চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধেও আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্তব্য কৰে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷

লগতে পঢ়ক: অসম আৰক্ষীয়ে খেনোক দেখি ৰান্ধে বাঢ়ে খেনোক দেখি দুৱাৰ মাৰে : কমল মেধি

Last Updated : Jun 10, 2021, 9:27 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.