ETV Bharat / state

হোজাইত অবৈধ কাঠ ফলা মিল জব্দ - হোজাইৰ কাকীত বনবিভাগৰ অভিযানত জব্দ হ'ল অবৈধ কাঠ ফলা মেচিন

হোজাইত অবৈধ কাঠ ফলা মেচিনৰ লগতে মূল্যবান কাঠৰ কুণ্ডা জব্দ ৷ লংকা বনবিভাগ,নখুটি আঞ্চলিক বন বিভাগ আৰু কাকী বন বিভাগৰ অভিযানত জব্দ কাঠ ফলা মেচিনৰ লগতে মূল্যবান কাঠৰ কুণ্ডা ৷ লামডিং বনাঞ্চলৰ পৰা কাকী আৰু নখুটিৰ ভিন্ন প্ৰান্তলৈ বহু মূল্যৱান কাঠ সৰহবৰাহ হোৱাৰ অভিযোগ ৷

হোজাইত অবৈধ কাঠ ফলা মিল জব্দ
হোজাইত অবৈধ কাঠ ফলা মিল জব্দ
author img

By

Published : Nov 5, 2020, 1:49 PM IST

হোজাই, 5 নৱেম্বৰ: হোজাই জিলাৰ লংকাৰ গাতে লাগি থকা লামডিং বনাঞ্চল সংৰক্ষণৰ ক্ষেত্ৰত সষ্টম হৈ পৰিছে বনবিভাগ। হোজাইৰ কাকীত বনবিভাগৰ অভিযানত জব্দ হ'ল অবৈধ কাঠ ফলা মেচিন । পুলক চৌধুৰীৰ নেতৃত্বত লংকা বনবিভাগ,নখুটি আঞ্চলিক বন বিভাগ আৰু কাকী বন বিভাগৰ এটা দলে কাকীৰ মইনাপুৰ অঞ্চলৰ কুছবস্তিত অভিযান চলাই এটা কাঠ ফলা মেচিনৰ লগতে মূল্যৱান কাঠৰ কুণ্ডা জব্দ কৰে । অৱশ্যে কাঠৰ কুণ্ডা আৰু কাঠ ফলা মিল জব্দ কৰাত বন বিভাগ সক্ষম হয় যদিও এই অবৈধ কাৰ্যকলাপৰ সৈতে জড়িত কোনো ব্যক্তিক আটক কৰিবলৈ বন বিভাগ সক্ষম ন'হল ৷

হোজাইৰ কাকীত বনবিভাগৰ অভিযানত জব্দ অবৈধ কাঠ ফলা মেচিন আৰু কাঠৰ কুণ্ডা

জানিব পৰা মতে লামডিং বনাঞ্চলৰ পৰা কাকী আৰু নখুটিৰ ভিন্ন প্ৰান্তলৈ বহু মূল্যৱান কাঠৰ সৰহবৰাহ হয় । ইতিমধ্যে বন পালক অমৃত কুমাৰ লস্কৰৰ নেতৃত্বত চলা অভিযানত কাকীৰ ভিন্ন প্ৰান্তত অবৈধ ভাৱে চলি থকা কাঠ ফলা মিল উচ্ছেদ কৰাৰ লগতে বহু লাখ টকা মূল্য কুণ্ডা জব্দ কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক: প্ৰ-পত্ৰত বগা ৰং ঘহাই অৰুনোদয় আঁচনিত নাম সন্নিৱিষ্ট কৰাৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.