হোজাই,9 জুলাইঃ সমগ্ৰ দেশৰ লগতে ৰাজ্যখনতো হাহাকাৰ সৃষ্টি কৰিছে COVID-19 মহামাৰীয়ে । পশ্চিম কাৰ্বি আংলঙতো ব্যাপকভাৱে ভয়াৱহ ৰূপধাৰণ কৰিবলৈ লৈছে এই মহামাৰীয়ে । ৰাইজৰ সচেতনতাৰ অভাৱেই হওক অথবা অন্য কাৰণতে হওক ক্ৰমাৎ দ্ৰুতগতিত জিলাখনত বৃদ্ধি পাবলৈ ধৰিছে COVID-19 মহামাৰীৰ সংক্ৰমণৰ সংখ্যা ।
![three new covid positive at west karbi anglong](https://etvbharatimages.akamaized.net/etvbharat/prod-images/pashimkarbiarlongviabohcovid19_09072020191227_0907f_1594302147_605.jpg)
ইতিমধ্যে খেৰণি আৰক্ষী চকীৰ কৰ্মৰত আৰক্ষী দুগৰাকী ক্ৰমে ভৱেন কাকতি আৰু সন্দীপ সিংহাৰ দেহত COVID-19 পজিটিভ তথা কৰ'ণাত আক্ৰান্ত হোৱাৰ তথ্য ইতিমধ্যে প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে । আনহাতে সোণমিলি ৰংপিপী নামৰ এগৰাকী যুৱতীৰ দেহতো ধৰা পৰিছে কৰ'ণাৰ সংক্ৰমণ । যুৱতী গৰাকীয়ে মহাৰাষ্ট্ৰৰ পৰা উভতি আহি নিজা ঘৰত হোম কোৱাৰেণ্টাইন হৈ থকা অৱস্থাত ধৰা পৰে COVID-19 পজিটিভৰ তথ্য।
ইতিমধ্যে তিনিও গৰাকীকে ডিফু মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে (DMCH) জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগে । উল্লেখযোগ্য যে, বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাৰ পৰা খেৰণি থানা এলেকাধীন অঞ্চলৰ লগতে হামৰেণ, বৈঠালাংছ' আৰু ডংকামোকাম নগৰ সমিতি অধীনৰ অঞ্চলসমূহত সম্পূৰ্ণ লক্ ডাউন হোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰাৰ লগতে এক নিৰ্দেশনা জাৰি কৰিছে পশ্চিম কাৰ্বি আংলঙৰ জিলা উপায়ুক্তই । লগতে অহা ১৫ জুলাইৰ পুৱা ৭ বজালৈকে এই লক্ ডাউন বাহাল থাকিব ।
লগতে পঢ়কঃচীনা প্ৰতিষ্ঠানে সামগ্ৰী বিক্ৰী কৰাটো বিছাৰে 49 শতাংশ ভাৰতীয়ই