ETV Bharat / state

Road Accident in Hojai : শোকাৱহ পথ দুৰ্ঘটনাত নিহত দুজন

author img

By

Published : Dec 3, 2021, 1:20 PM IST

Updated : Dec 3, 2021, 7:07 PM IST

হোজাই জিলাৰ ডবকাৰ মদাৰতলিত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনা (Hojai Road Accident)ত মৃত্যু দুজনকৈ লোকৰ ৷ দুৰ্ঘটনাত আহত আন দুজন লোকৰ অৱস্থা সংকটজনক ৷

শোকাৱহ পথ দুৰ্ঘটনাত নিহত দুজন
terrible-road-accident-occurs-at-dabaka-in-hojai

হোজাই, 3 ডিচেম্বৰ : বৃহস্পতিবাৰে হোজাই জিলাৰ ডবকাৰ মদাৰতলিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Hojai) ৷ দুৰ্ঘটনাত থিতাতে নিহত হয়(Two died in a road accident at Hojai) দুজনকৈ লোক ৷ মদাৰতলিৰ চাৰিলেনযুক্ত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মটৰ চাইকেলে মহতিয়াই নিয়ে দুই পথ আৰোহীক ৷ দুৰ্ঘটনাৰ ফলত এজন পথচাৰী আৰু মটৰচাইকেল আৰোহীজন থিতাতে নিহত হয় ৷

নিহত লোক কেইজন ক্ৰমে পথচাৰী লালু সিং আৰু বাইক আৰোহী আবুল হুছেইন ৷ দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেল খনৰ নম্বৰAS02 U 1083 বুলি জানিব পৰা গৈছে ৷ইফালে দুৰ্ঘটনাত পতিত হৈ আন দুজন লোক গুৰুতৰভাৱে আহত হৈছে ৷ আহত লোকদুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

আহত দুজনৰ এজন সঞ্জীৱ প্ৰসাদ আৰু আনজনৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই ৷ আহত সঞ্জীৱ প্ৰসাদ মদাৰতলিস্থিত পাৰ্ফেক্ট এল’ইজ এণ্ড ষ্টিল কোম্পানীৰ এজন কৰ্মচাৰী ৷ নিহত কেইজনৰ ঘৰ ডবকাৰ চাংমাজিত বুলি জানিব পৰা গৈছে ৷

ঘটনা বিৱৰণি অনুসৰি, আবুল হুছেইন আৰু তেওঁৰ সহযোগীজনে গ্লেমাৰ মটৰ চাইকেলেৰে ডবকাৰ পৰা চাংমাজি অভিমুখে গৈ থকা অৱস্থাত মদাৰতলিত বাইকৰ নিয়ন্ত্ৰণ হেৰুৱাই বজাৰ কৰি গৈ থকা অৱস্থাত ষ্টীল কোম্পানীৰ কৰ্মচাৰী দুজনক খুন্দা মাৰি মহতিয়াই নিয়ে আৰু দুৰ্ঘটনাত পতিত হয় ৷ ঘটনা সম্পৰ্কে খবৰ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত ডবকা আৰক্ষী উপস্থিত হৈ আহত দুয়োকে উদ্ধাৰ কৰি ততাতৈয়াকৈ ডবকা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে, নিহত দুয়োগৰাকীকে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক : নাহৰকটীয়া চক্ৰ বিষয়াৰ বাহনে মহতিয়ালে মাতৃ-পুত্ৰক

Last Updated : Dec 3, 2021, 7:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.