ETV Bharat / state

হোজাইত ডাম্পাৰৰ অতপালিক লৈ উত্তপ্ত পৰিস্থিতি - Tense situation at Hojai against Dumper

হোজাই 2 নং ৰেল গেটৰ উৰণীয়া সেঁতু নিৰ্মানৰ কামত ব্যৱহৃত ডাম্পাৰ গাড়ীয়ে লংকেশ্বৰী নাট্য মন্দিৰৰ সমীপত মাটি পেলাবলৈ গৈ বৈদ্যুতিক তাঁৰ চিঙাক লৈ স্থানীয় ৰাইজে সৃষ্টি কৰে এই পৰিস্থিতিৰ

Tense situation at Hojai against Dumper
হোজাইত ডাম্পাৰৰ অতপালিক লৈ উত্তপ্ত পৰিস্থিতি
author img

By

Published : Oct 24, 2020, 9:48 PM IST

হোজাই, 24 অক্টোবৰ: ডাম্পাৰে বৈদ্যুতিক তাঁৰ বিছিন্ন কৰাক লৈ হোজাই 2 নং ৰেলগেটৰ সমীপত ‌উত্তপ্ত পৰিস্থিতি ৷ হোজাই 2 নং ৰেল গেটৰ উৰণীয়া সেঁতু নিৰ্মানৰ কামত ব্যৱহৃত ডাম্পাৰ গাড়ীয়ে লংকেশ্বৰী নাট্য মন্দিৰৰ সমীপত মাটি পেলাবলৈ গৈ বৈদ্যুতিক তাঁৰ চিঙাক লৈ স্থানীয় ৰাইজে সৃষ্টি কৰে এই পৰিস্থিতিৰ ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷

Tense situation at Hojai against Dumper
হোজাইত ডাম্পাৰৰ অতপালিক লৈ উত্তপ্ত পৰিস্থিতি

উল্লেখ্য যে, হোজাই চহৰৰ প্ৰৱেশ পথৰ 1 নং আৰু 2 নং ৰেল গেটৰ ক্ৰচিঙত নিৰ্মাণ হৈ আছে উৰণীয়া সেঁতুৰ কাম । যাৰ বাবে ডাম্পাৰ সমুহে দুয়োটা ক্ৰচিংতেই দিনে-নিশাই পূৰ্ণদমে চলাই আছে উৰণীয়া সেঁতুৰ কাম ৷ কিন্তু শনিবাৰে 2নং ৰেলগেটৰ নিৰ্মাণৰ কামত ব্যৱহৃত ডাম্পাৰ গাড়ীখনে লংকেশ্বৰী নাট্য মন্দিৰৰ সমীপত মাটি পেলোৱাৰ সময়তে সংঘটিত হয় এই অঘটন ৷ জানিব পৰা অনুসৰি ডাম্পাৰৰ দালাখন বহু সময় উঠাই দ্ৰুত বেগেৰে আহিব খোজোতেই ওপৰত থকা 440 ভল্টৰ বৈদ্যুতিক তাঁৰত দালাখন লাগি বৈদ্যুতিক তাঁৰডাল বিছিন্ন হয় ৷ তাঁৰ ডাল বিছিন্ন হোৱাত প্ৰচণ্ড শব্দ হোৱাৰ লগতে নিৰ্গত হয় জুই ৷ ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও অঞ্চলটোৰ বহু লোকৰ ঘৰৰ টিভি, ফ্ৰিজ, এচি আদি বিকল হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ যাৰ বাবে উত্তেজিত ৰাইজে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ ৷

লগতে পঢ়কঃ বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়কৰ দ্বাৰা এম্বুলেঞ্চ মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.