হোজাই, 20 এপ্ৰিল: দেশত শেহতীয়াভাৱে বৃদ্ধি পাবলৈ ধৰিছে কোভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ পৰৱৰ্তী সময়ত ক’ভিড-19ৰ দ্বিতীয়টো ঢৌয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাত আক্ৰান্ত হয় বৃহৎ সংখ্যক লোক ৷ ইয়াৰ সমান্তৰালভাৱে হোজাই জিলাতো কোভিড-19 সংক্ৰমিত ব্যক্তিৰ সংখ্যা বৃদ্ধি পাই এশৰো অধিক হয় ৷ সেয়েহে অসম চৰকাৰৰ অধিসূচনা মৰ্মে হোজাই জিলাৰ জিলা দণ্ডাধীশ, জিলা দুৰ্য্যোগ ব্যৱস্থাপনা কতৃপক্ষৰ অধ্যক্ষ ডাঃ সদনেক সিংঙে এক নিৰ্দেশনাৰ যোগে হোজাই জিলাস্থিত সমূহ চৰকাৰী, বেচৰকাৰী বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে ৷
হোজাই জিলা প্ৰশাসনে 20 এপ্ৰিলৰ পৰা প্ৰযোজ্য হোৱাকৈ পৰৱৰ্ত্তী নিৰ্দেশ নিদিয়া পৰ্য্যন্ত প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ লগতে প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীলৈকে পাঠদান বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে । লগতে জিলাখনৰ ৰাজহুৱা স্থান আৰু সলকো কৰ্মক্ষেত্ৰত মাস্ক পৰিধান কৰাটো কৰিলে বাধ্যতামূলক ৷ কোনো ব্যক্তিয়ে যদিহে এই নিদেৰ্শনা অমান্য কৰে, তেন্তে তেনে ব্যক্তিক বিহা হ’ব 1000 টকা পৰ্যন্ত জৰিমনা । আনহাতে সমূহ চৰকাৰী, বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান, চৰকাৰী, বেচৰকাৰী কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত থার্মল স্কেন আৰু চেনিটাইজাৰৰ থকাটো বাধ্যতামূলক কৰা হয়।
উল্লেখ্য যে, হোজাইৰ উপায়ুক্তয়ে ক’ভিড-১৯ প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰী নীতি নিৰ্দেশনাসমূহ সুচাৰুৰূপে পালন কৰিবলৈ জিলাবাসী ৰাইজক আহ্বান জনায় । 'সতর্কতা আৰু সজাগতাই আনে সুৰক্ষা'- বাণীৰ জৰিয়তে হোজাই জিলা জনসংযোগ বিভাগে ৰাইজক সজাগ হ’বলৈ প্ৰচাৰ চলায় ৷
লগতে পঢ়ক : কৰিমগঞ্জত নিৰ্বাচনী বিষয়া কৰ’ণাত আক্ৰান্ত