হোজাই, 8 এপ্ৰিল : হঠাৎ হোজাইস্থিত বদৰুদ্দিন আজমলৰ ঘৰত বুধবাৰে উপস্থিত হ'ল অসম বিধানসভাৰ বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন ৷ উপস্থিত হোৱা পাচতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰকিবুল হুছেইনে ৷
"এই বাৰৰ নিৰ্বাচনত মহাজোঁটৰ জয় নিশ্চিত ৷ কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটে চৰকাৰ গঠন কৰিব ৷ 72 পৰা 75 খন আসন মহাজোঁটে লাভ কৰাতো 100 শতাংশই নিশ্চিত ৷ " এইদৰে কয় ৰকিবুল হুছেইনে ৷
উল্লেখ্য যে, অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত হোৱা পাচতে হঠাৎ এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ ঘৰত উপস্থিত হোৱা সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ নকৰিলে ৰকিবুল হুছেইনে ৷ সাংবাদিকে কৰা প্ৰশ্ন উত্তৰত সম্পূৰ্ণ ব্যক্তিগত কাৰণত অহা মন্তব্য প্ৰকাশ কৰে ৰকিবুল হুছেইনে ।