হোজাই,9 মাৰ্চ: হোজাইৰ কঁপিলী ভেলী ৰেঞ্জৰ মইনাপুৰ বন শিবিৰ কাৰ্যালয়ৰ অন্তৰ্গত মইনাপুৰ বনাঞ্চলত উদ্ধাৰ বনৰীয়া হাতীৰ অৰ্ধগলিত মৃতদেহ ৷ হাতীৰ মৃতদেহৰ পৰা ওলোৱা দুৰ্গন্ধই ছানি ধৰাত হে পোহৰলৈ আহে প্ৰকৃত ছবি ৷ কিছুদিনৰপৰা অঞ্চলটোত এক দুৰ্গন্ধ বিয়পি পৰিছিল যদিও ইয়াৰ ৰহস্য কোনোৱে উদঘাটন কৰিব পৰা নাছিল ৷ মঙলবাৰে পুৱা স্থানীয় লোকে জংঘললৈ যোৱাত হে প্ৰকৃত ৰহস্য ওলাই পৰে ৷ সম্প্ৰতি দুৰ্গন্ধৰ বাবেই বনাঞ্চলৰ দাঁতিকাষৰীয়া লোক সকল সমস্যাত পৰিছে ৷
স্থানীয় লোকে বন বিভাগক খবৰ দিছে যদিও বৰ্তমানলৈকে ঘটনাস্থলীত বন বিভাগৰ এজনো কৰ্মচাৰী উপস্থিত হোৱা নাই ৷ মৃত হাতীটো সমাধিস্থ কৰাৰ বাবে হোজাইৰ ডিএফঅ' গুনজিত দাসে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । ইপিনে বনৰীয়া হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ঘটনাটো বন বিভাগে গাপ দিবলৈ অপচেষ্টা কৰা বুলিও অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷
লগতে পঢ়ক: ৰাজ্যত পুনৰ সংঘটিত সাংবাদিক নিগ্ৰহৰ ঘটনা