ETV Bharat / state

মৰিয়নীৰ ৰূপজ্যোতি কুৰ্মীৰ স্থিতিক কোনেও ওফৰাব নোৱাৰে : পীযুষ হাজৰিকা

author img

By

Published : Jul 24, 2021, 9:49 PM IST

মৰিয়নীত ৰূপজ্যোতি কুৰ্মীৰ (Rupjyoti Kurmi) এক শক্তিশালী স্থিতি আছে ৷ ৰূপজ্যোতি কুৰ্মীক প্ৰত্যাহ্বান জনোৱাতো কঠিন হ'ব ৷ এই মন্তব্য মৰিয়নী সমষ্টিৰ বিজেপিৰ আহ্বায়কৰ দায়িত্বত থকা মন্ত্ৰী পীযুষ হাজৰিকাৰ (Piyush Hazarika) ৷

piyush hazorika comments on mariani constituency
মৰিয়নীৰ ৰূপজ্যোতি কুৰ্মীৰ স্থিতি কোনেও উফৰাব নোৱাৰে

হোজাই, 24 জুলাই : ইতিমধ্যে অসমৰ চাৰিটা সমষ্টিত উপ-নিৰ্বাচন (By Election) অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে ৷ এই উপ-নিৰ্বাচনত হ'বলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টিটো হৈছে মৰিয়নী সমষ্টি (Mariyani Constituency) ৷ এই সমষ্টিটোক লৈ শাসক-বিৰোধীয়ে বিশেষ তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷

স্পষ্টৰূপত শনিবাৰে ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi) আৰু মৰিয়নী সমষ্টিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ তেওঁ কয়, ৰূপজ্যোতি কুৰ্মীৰ এক শক্তিশালী স্থিতি আছে ৷ মৰিয়নী সমষ্টিবাসীয়ে কেৱল ৰূপজ্যোতি কুৰ্মীক বিচাৰে ৷ উপ-নিৰ্বাচনত ৰূপজ্যোতি কুৰ্মীক প্ৰত্যাহ্বান জনোৱাতো কঠিন হ'ব বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী হাজৰিকাই ৷

উল্লেখ্য যে, ৰবৰ বাগানৰ উচ্ছেদিত স্থান পৰিদৰ্শন কৰিবলৈ শনিবাৰে হোজাইত উপস্থিত হয় মন্ত্ৰী পিযুষ হাজৰিকা ৷ পৰিদৰ্শন কালতে সাংবাদিকৰ প্ৰশ্ন উত্তৰত এই মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷

"মৰিয়নী সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ কংগ্ৰেছৰ প্ৰাৰ্থীয়ে নাই ৷ ৰূপজ্যোতি কুৰ্মী বিজেপিৰ এগৰাকী শক্তিশালি প্ৰাৰ্থী ৷ বিজেপিৰো এক শক্তিশালী স্থিতি আছে ৷ গতিকে কুৰ্মীৰ বিৰুদ্ধে প্ৰাৰ্থীত্ব দিবলৈ কংগ্ৰেছৰ প্ৰাৰ্থীৰ অভাৱ ঘটিছে ৷" এই দৰে মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

সাংগঠনিকভাৱে উপ-নিৰ্বাচনলৈ সাঁজু হৈ থকা গেৰুৱা দলটোৱে সমষ্টি ভিত্তিক নিৰ্বাচনী প্ৰস্তুতি আৰু সামগ্ৰীক তদাৰকৰ বাবে সভাপতি ভৱেশ কলিতাৰ (Bhabesh Kalita) নিৰ্দেশত গঠন কৰিছে উচ্চস্তৰীয় সমিতি ৷ এই সমিতিখনত আছে সাংসদ, মন্ত্ৰী, বিধায়ক তথা দলটোৰ জ্যেষ্ঠ কৰ্মকৰ্তা ।

সেই অনুসৰি মৰিয়নী সমষ্টিত (Mariani Constituency) আহ্বায়ক হিচাপে মন্ত্ৰী পিযুষ হাজৰিকা, মন্ত্ৰী সঞ্জয় কিষাণক দায়িত্ব প্ৰদান কৰা হৈছে । মৰিয়নী সমষ্টিটোৰ বাবে সদস্য হিচাপে লোৱা হৈছে সাংসদ তপন কুমাৰ গগৈ, সাংসদ কামাখ্যা প্ৰসাদ তাছা, সাংসদ পল্লৱ লোচন দাসৰ লগতে আলোক ঘোষ আৰু ৰমণী তাঁতীক ৷

লগতে পঢ়ক: উপ-নিৰ্বাচনৰ মন্ত্ৰণা লৈ বিজেপিয়ে গঠন কৰিলে বিশেষ সমিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.