হোজাই, ২৩ ডিচেম্বৰ: পকী পথ মেৰামতিৰ কামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলি গড়কাপ্তানী বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে পশ্চিম কাৰ্বি আংলঙৰ ৰাইজ । কেইবা কোটি টকা ব্যয় সাপেক্ষে মেৰামতি কৰা হৈছে খেৰণিৰ পৰা ডংকামোকাম সংযোগী গড়কাপ্তানী পথটো । কিন্তু মেৰামতিৰ কাম চলি থকাৰ মাজতে পোহৰলৈ আহিল ঠিকাদাৰৰ কামৰ নমুনা ।

বখলা বখলে এৰিছে পকী পথৰ ব্লেক টপিং । হাতেৰে চুলেই এৰি আহে টপিং । দায়িত্বহীন বিভাগটোৱে পথ মেৰামতিৰ কাম পৰ্যবেক্ষণ নকৰাৰ বাবে ঠিকাদাৰে নিজ ইচ্ছাৰে কাম কৰি আছে । আনহাতে, পথ মেৰামতিৰ নামত ঠিকাদাৰ, বিভাগীয় বিষয়া আৰু মধ্যভোগী দালালে নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বেই এনেদৰে পকী পথটোৰ বিধ্বস্ত অৱস্থা হৈছে বুলি অভিযোগ তুলি ক্ষুদ্ধ হৈ পৰে ৰাইজ আৰু বিভিন্ন দল-সংগঠন ।

পথ মেৰামতিৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে উন্নত সামগ্ৰী ব্যৱহাৰ কৰি চৰকাৰী নিয়ম মতে, পথ মেৰামতি কৰিবলৈ দাবী জনাইছে ৰাইজ আৰু সংগঠনকেইটাই । কিয়নো, পথটো ভালদৰে নিৰ্মাণ নকৰিলে সোনকালে জৰাজীৰ্ণ ৰূপ ল'ব আৰু পুনৰ যাতায়াতৰ নামত ৰাইজে যমৰ যাতনা ভূগিব লাগিব ।
লগতে পঢ়ক:বাক্সাত বৰদিন উদযাপনৰ বিশেষ প্ৰস্তুতি