হোজাই, 22 নৱেম্বৰ : লামডিঙ-নগাঁও সংযোগী ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন দুজন লোক ।
লামডিঙৰ সমীপৰ এছ ট্ৰাৰ্ণিঙত AS02-AB-4195 নম্বৰৰ মহিন্দ্ৰা স্ক’ৰপিঅ’ আৰু AS-01-AD-7239 নম্বৰৰ টাটা চুমুৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় টাটা চুমুখনৰ চালক আব্দুল ৱাহিদৰ ৷ আনফালে হোজাই জিলা পৰিষদৰ সদস্য তথা অধিবক্তা ৰিপুন দাস আৰু তেখেতক চালকজন গুৰতভাৱে আহত হয় ৷ আহত লোকদুজনক হোজাই হাম হাস্পাতালত ভৰ্তি কৰোৱা হৈছে ।
লগতে পঢ়ক: আছুৰ নতুন নেতৃত্বৰ নাম ঘোষণা