হোজাই,20 মে': জখলাবন্ধা আৰক্ষীৰ বৃহৎ সফলতা ৷ বৃহস্পতিবাৰে জখলাবন্ধা আৰক্ষী নিৱেশ আৰু বাগৰি আৰক্ষী চকীৰ এক যুটীয়া অভিযানত বৃহস্পতিবাৰে গঁড় হত্যাৰ পৰিকল্পনাত জড়িত থকা চাৰি চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন চোৰাং চিকাৰী কেইজন চামগুৰি অঞ্চলৰ মুচৰফ আলী, ইয়চুফ আলী, আজমত আলী আৰু ৰংবং ৱেৰ গোবিন গাঁৱৰ সঞ্জীৱ তাৰু ।
উল্লেখ্য যে, কেইদিনমানৰ পূৰ্বে আটক হোৱা এজন চোৰাং চিকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত বৃহস্পতিবাৰে আন চাৰিজন চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয় জখলবন্ধা আৰক্ষী ।
![Rhino Poachers trapped at Kaliabor](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-klbr-may-20-02-rhino-poachers-trapped-at-kaliabor-vis-bite-asc10014_20052021123721_2005f_1621494441_320.jpg)