হোজাই, 9 ছেপ্টেম্বৰ : হোজাই জিলাত অসম আদৰ্শ গ্ৰাম যোজনা ৰূপায়নৰ সন্দৰ্ভত হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰীৰ অধ্যক্ষতাত বৃহস্পতিবাৰে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় ৷ উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত বৈঠকত ৯০ নং যমুনামুখ বিধান সভা সমষ্টিৰ বিধায়ক সিৰাজ উদ্দিন আজমল, ৯১ নং হোজাই বিধান সভা সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু ৯২ নং লামডিং বিধান সভা সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ উপস্থিত থাকে ৷
![Implementation of Axom Adarxo Gram Yojana in Hojai](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-hojai-01-09sep-adorsa-gram-yojana-photo_09092021155000_0909f_1631182800_239.jpg)
বৈঠকত হোজাই জিলাৰ তিনিটা সমষ্টিত কেনেদৰে অসম আদৰ্শ গ্ৰাম যোজনা ৰূপায়ন কৰা হ'ব, তাৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয় ৷ সমষ্টি তিনিটাৰ বিধায়কৰ লগত সমষ্টিৰ নিৰ্বাচিত দুখনকৈ গাঁৱৰ সৰ্বাংগীন উন্নয়নৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাৰ ওপৰতো আলোচনা কৰা হয় উক্ত বৈঠকত ৷ বিধায়ক তিনিগৰাকীয়ে বৈঠকৰ জৰিয়তে নিজ নিজ পৰামৰ্শ আগবঢ়ায় ৷
লগতে পঢ়ক: ৰাইজ, ছাত্ৰ সমাজ আৰু আছুৰ প্ৰতিবাদত উত্তপ্ত মাজুলীৰ পৰিৱেশ: আৰক্ষীৰ লাঠী চালনা
ইয়াৰ লগতে বৈঠকত উপায়ুক্ত গৰাকীয়ে উপস্থিত সংশ্লিষ্ট বিভাগ সমূহৰ মূৰব্বী বিষয়া সকলক আদর্শ গ্ৰাম যোজনাৰ অধীনত ৰূপায়ন হ'বলগীয়া প্ৰতিটো উন্নয়নমূলক কাম নিষ্ঠাৰে, সন্মিলিতভাবে কৰি যাবলৈ আহ্বান জনায় ।
এই পৰ্যালোচনা বৈঠকত হোজাই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱাশীষ বৈশ্য, অতিৰিক্ত উপায়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্ম, হোজাই জিলা পৰিষদৰ অধ্যক্ষ ৰমা ৱালা দেৱী, চক্ৰ বিষয়া সকল, খণ্ড উন্নয়ন বিষয়া সকল প্ৰমুখ্যে সংশ্লিষ্ট বিভাগ সমূহৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে ।
লগতে পঢ়ক: কান্দি কান্দি পৰিমিতাক স্মৰণ কৰিলে আত্মীয়ই