ETV Bharat / state

হোজাইত বিজেপি সমৰ্থকৰ বিৰুদ্ধে সাংবাদিকক আক্ৰমণৰ অভিযোগ - বিধায়ক শিবু মিশ্ৰ

পুনৰ ৰাজ্যত গণতন্দ্ৰৰ চতুৰ্থ স্তম্ভক আক্ৰমণ ৷ বিজেপি সমৰ্থকৰ বিৰুদ্ধে সাংবাদিকক আক্ৰমণৰ অভিযোগ ৷ এই ঘটনা সংঘটিত হৈছে হোজাইত ৷

repoter-attack-by-bjp-supporter-in-hojai
হোজাইত বিজেপি সমৰ্থকে আক্ৰমণ কৰিলে সাংবাদিকক
author img

By

Published : May 3, 2021, 9:10 PM IST

হোজাই,3 মে': ভোট গণনাৰ দিনা আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো হোজাইত সংঘটিত হৈছে এক অঘটন ৷ জিলাখনৰ মাজমজিয়াস্থিত শংকৰদেৱ নগৰত সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰত ভোট গণনাৰ দিনা আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে লামডিং সমষ্টিৰ বিজেপিৰ বিধায়কৰ একাংশ সমৰ্থকে এজন সাংবাদিকক উপৰ্যুপৰি আক্ৰমণ কৰাৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ।

ঘটনা অনুসৰি, ভোট গণনা চলি থকাৰ সময়ত অধিক লোকৰ সমাগম হোৱাত আৰক্ষীয়ে ছত্ৰভংগ দিয়ে ৷ তেনে অৱস্থাত এটা চেটেলাইট চেনেলৰ লামডিংস্থিত সাংবাদিক চিন্ময় দেৱক কৰ্তব্যত নিয়োজিত হৈ থকা অৱস্থাত ভিডিঅ’ সংগ্ৰহ কৰাৰ বাবে মুন্না নামৰ বিজেপি সমৰ্থকজনে আৰক্ষীৰ সন্মুখতে প্ৰহাৰ কৰে ৷ এই ঘটনাক লৈ হোজাইত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । এতিয়া প্ৰশ্ন হয়, মুন্না নামৰ বিজেপি সমৰ্থকজনৰ বিৰুদ্ধে বিধায়ক শিবু মিশ্ৰ অথবা আৰক্ষীয়ে ল’বনে কিবা ব্যৱস্থা ! নে আইনৰ সুৰুঙাৰে একমাত্ৰ বিজেপি দলৰ সমৰ্থক হোৱাৰ বাবে সাৰি যাব সেয়া এতিয়া এক গুৰুত্বৰ প্ৰশ্ন হিচাপে উত্থাপন হৈছে ৷

লগতে পঢ়ক: পুডুচেৰীৰ ৰাজনৈতিক সমীকৰণঃ মুখ্যমন্ত্ৰীৰ আসনত দৃষ্টি নিৱদ্ধ বিজেপিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.