ETV Bharat / state

ৰাজ্যিক বিজেপিৰ বিৰুদ্ধে মুখ খুলিলে বিধায়ক শিলাদিত্য দেৱে

author img

By

Published : Jul 7, 2020, 8:22 PM IST

বিজেপি বিধায়ক শিলাদিত্য দেৱে এইবাৰ ৰাজ্যিক বিজেপিৰ এগৰাকী নেতাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য প্ৰদান কৰি খবৰৰ শিৰোনাম দখল কৰিছে ৷ হোজাই জিলা পৰিষদত এগৰাকী কংগ্ৰেছৰ নেতাক উপ-সভাপতি পদৰ দায়িত্ব ন্যস্ত কৰাৰ সন্দৰ্ভত মুখ খোলে বিধায়কগৰাকীয়ে ৷

reaction of BJP MLA Siladitya Deb against selection of state bjp hojai assam etv bharat news
ৰাজ্যিক বিজেপিৰ বিৰুদ্ধে মুখ খুলিলে বিধায়ক শিলাদিত্য দেৱে

হোজাই,7 জুলাই: সময়ে সময়ে বিভিন্ন বিস্ফোৰক মন্তব্য়ৰে খবৰৰ শীৰ্ষত থকা বিজেপি বিধায়ক শিলাদিত্য দেৱে পুনৰ সংবাদ শীৰ্ষ দখল কৰিছে ৷ বিজেপি বিধায়কগৰাকীয়ে এইবাৰ ৰাজ্যিক বিজেপিৰ এগৰাকী নেতাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, হোজাই জিলা পৰিষদত এগৰাকী কংগ্ৰেছৰ নেতাক উপ-সভাপতি পদৰ দায়িত্ব ন্যস্ত কৰা হৈছিল ৷ উক্ত বিষয় সন্দৰ্ভতে কিছু মন্তব্য আগবঢ়াইছে বিজেপিৰ বিধায়কগৰাকীয়ে ৷ সেই অনুসৰি পূৰ্বৰ পৰা পৰিষদৰ উপ-সভাপতি গৰাকী কংগ্ৰেছী হোৱাটো বিচৰা নাছিল বিধায়ক শিলাদিত্য‌ই ৷ এই বিষয় সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ এজন নেতাই কংগ্ৰেছ নেতা গৰাকীৰ সপক্ষে অভিমত ব্য়ক্ত কৰা বুলি এক অভিযোগ উত্থাপন কৰিছে শিলাদিত্য দেৱে ৷ লগতে পৰৱৰ্তী সময়ত নিৰ্দিষ্ট কংগ্ৰেছ নেতাগৰাকীয়ে গেৰুৱা দলৰ সদস্যপদ গ্ৰহণ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰাৰ বাবে বিষয়টোত নীৰৱ ভূমিকা গ্ৰহণ কৰিছিল বিধায়কগৰাকীয়ে ৷

আনহাতে, কংগ্ৰেছ নেতাগৰাকীয়ে এই সিদ্ধান্ত ঘোষণা কৰাৰ এবছৰ অতিক্ৰম কৰাৰ পিছতো যোগদান নকৰিলে গেৰুৱা বাহিনীত ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ হৈ কাম কৰা নেতাগৰাকীয়ে সংঘটিত কৰি গ’ল এটাৰ পিছত আনটো দুৰ্নীতি বুলি অভিযোগ উত্থাপন কৰিছে বিধায়ক শিতাদিত্য দেৱে ৷ গতিকে বিষয় সন্দৰ্ভত পৰৱৰ্তী 14 জুলাইত অনুষ্ঠিত হ’বলগীয়া অনাস্থা সভাখনত এই বিষয়ত গ্ৰহণ কৰা হ’ব চূড়ান্ত সিদ্ধান্ত ৷ আগন্তুক দিনত যদি বিজেপিয়ে পৰিষদ গঠন কৰিব নোৱাৰে তেন্তে এই পৰিষদ কংগ্ৰেছৰ হাতত অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ কথা প্ৰকাশ কৰে শিলাদিত্য দেৱে ৷

উল্লেখ্য যে, হোজাইত প্ৰথম জিলা পৰিষদ গঠন কৰাৰ সময়তো শিলাদিত্য দেৱ আৰু লামডিঙৰ বিধায়ক শিবু মিশ্ৰৰ লগত কোনো আলোচনা কৰা হোৱা নাছিল বুলি মন্তব্য প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে ৷ আগন্তুক দিনত পৰিষদ গঠনৰ নামত যদি পুনৰ বিজেপিৰ ৰাজ্যিক নেতা গৰাকীয়ে খেলি-মেলি কৰে তেন্তে খোদ বিধায়ক শিলাদিত্য‌ই ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৷ মঙলবাৰে হোজাইৰ বাসগৃহত বিষয়টো সন্দৰ্ভত এইদৰে ক্ষোভ উজাৰে বিজেপিৰ বিধায়কগৰাকীয়ে ৷

লগতে চাওকঃ নলবাৰীত চলিছে মহিলাৰাজ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.