হোজাই, 7 আগষ্ট : ৰাজ্যত শেহতীয়াকৈ ভয়াৱহ ভাৱে বৃদ্ধি পাইছে ধৰ্ষণৰ দৰে জঘণ্য ঘটনা ৷ কেইদিন মান পূৰ্বে মৰিগাঁৱত এগৰাকী বৃদ্ধই এগৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই ৰাজ্যত পোহৰলৈ আহিছে কেইবাটাও ধৰ্ষণৰ ঘটনা ৷ ইয়াৰ মাজতে শনিবাৰে হোজাই জিলাৰ কাকীৰ দেউবালীত চলিল ধৰ্ষণৰ অপচেষ্টা ৷
এগৰাকী বিবাহিত যুৱকৰ বিৰূদ্ধে ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী 18 বছৰীয়া যুৱতীয়ে ৷ ঘটনাৰ বিৱৰণী অনুসৰি,হোজাই জিলাৰ কাকীত পুৱা 8.30 মান বজাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ এগৰাকী 18 বছৰীয়া যুৱতীক ধৰ্ষণৰ অপচেষ্টা চলাই একে গাঁৱৰে বিবাহিত যুৱকজনে ৷
যুৱতীগৰাকীৰ ঘৰত কোনো নথকা সুযোগ গ্ৰহণ কৰি বিবাহিত যুৱকজনে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে যুৱতী গৰাকীয়ে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে কাকী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷
গোচৰ ৰুজু কৰাৰ পাছতেই কাকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আদিত্য বৰাই তাৎক্ষণিকভাৱে লম্পট যুৱক জনক আটক কৰে ৷ তেঁওৰ বিৰুদ্ধে 117/2021US 448/354/354(A) গোচৰ ৰুজু কৰি সোধ পোছ অব্যাহত ৰাখিছে ৷ ইফালে অভিযুক্ত গৰাকী নিৰ্দোষী বুলি দাবী কৰিছে গাঁৱৰ একাংশ মহিলাই ৷
এইয়া যুৱকজনৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ বুলি প্ৰতিঅভিযোগ উত্থাপন কৰিছে মহিলা সকলে ৷ গতিকে আৰক্ষীক ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰাৰ দাবী উত্থাপন কৰিছে মহিলা সকলে ৷ এই ধৰণৰ অভিযোগ-প্ৰতিঅভিযোগে বিপাঙত পেলাইছে আৰক্ষীৰ ৷ উচিত তদন্তৰ পাছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য ৷