হোজাই, 15 ডিচেম্বৰ : লামডিং ৰে’ল ষ্টেচনত জব্দ হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা (Ganja seized at Lumding Railway station) ৷ আৰক্ষীৰ চকুত ধূলি মাৰি একাংশ ব্যৱসায়ীয়ে ৰে’লযোগে এতিয়াও চলাই আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ ৷ মঙলবাৰে লামডিং ৰে’ল ষ্টেচনত লামডিং জি আৰ পি আৰু আৰ পি এফৰ যৌথ অভিযানত ১৫৯৬০ নামনিমুৱা ডিব্ৰুগড়-হাওৰা কামৰূপ এক্সপ্ৰেছৰ পৰা বহু পৰিমাণৰ নিষিদ্ধ গাঞ্জা জব্দ কৰা হয় ৷
জানিব পৰা মতে, আৰ পি এফে ৰে’লখনৰ সাধাৰণ শ্ৰেণীৰ এটা ডবাৰ বেটাৰীৰ বাকচৰ পৰা জব্দ কৰে প্ৰায় ২৫ কেজি গাঞ্জা (Police seized 25 kg ganja at Lumding Railway station) ৷ আৰক্ষীয়ে জব্দ কৃত গাঞ্জাখিনিৰ বজাৰমূল্য প্ৰায় ২ লাখ ৫০ হাজাৰ টকা হ’ব বুলি ধাৰণা কৰিছে ৷ বৰ্তমান আৰ পি এফে গাঞ্জাখিনি জি আৰ পিক চমজাই দিয়ে ৷
কিন্তু বিচাৰ্যকৰ বিষয় যে, বৰ্তমানলৈকে এই সন্দৰ্ভত এজনকো আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷ কোনে, কেনেকৈ এই গাঞ্জাখিনি আনিছিল, সেই সন্দৰ্ভত বৰ্তমানেও ৰে’ল আৰক্ষীয়ে লাভ কৰা নাই কোনো তথ্য ৷ ৰে’ল আৰক্ষী (Lumding Railway Police)য়ে জনোৱা মতে, এই সন্দৰ্ভত আৰক্ষীয়ে চলাই আছে তদন্ত ৷
লগতে পঢ়ক : Ganja Seized at Tamulpur : তামুলপুৰ আৰক্ষীৰ জালত তিনি গাঞ্জা সৰবৰাহকাৰী