ETV Bharat / state

কাকীৰ উচ্ছেদিত লোকৰ কাষত ৰাইজৰ দলৰ প্ৰতিনিধি - Hojai eviction

কাকীৰ উচ্ছেদিত লোকৰ কাষত ৰাইজৰ দলৰ প্ৰতিনিধি উপস্থিত । হোজাই জিলা কাকীৰ তিনি হাজাৰ বিঘাৰ ৰবৰ বাগানৰ অন্তৰ্গত উচ্ছেদিত ৰাইজৰ খবৰ লোৱাৰ লগতে ৰাইজৰ দলৰ নেতাসকলে খাদ্য সামগ্ৰী বিতৰণ কৰে ।

raijor dal
কাকীৰ উচ্ছেদিত লোকৰ কাষত ৰাইজৰ দলৰ প্ৰতিনিধি
author img

By

Published : Jun 9, 2021, 9:09 PM IST

হোজাই,৯ জুন : লংকাৰ কাকীত তিনি হাজাৰ বিঘাৰ ৰবৰ বাগানৰ সমীপত ৬ জুনত প্ৰশাসনৰ দ্বাৰা উচ্ছেদ কৰা হৈছিল । অভিযোগ অনুসৰি চৰকাৰী ভূমি বেদখল কৰি আছিল লোকসকলে । যাৰ বাবে ঘৰ-দুৱাৰ প্ৰশাসনে ভ‌ঙাৰ লগতে নষ্ট কৰি দিছিল খেতি পথাৰ ।

বৰ্তমান অঘৰীৰ জীৱন যাপন কৰিবলগীয়া হৈছে উচ্ছেদিত লোকসকলে । সেই লোকসকলৰ খবৰ ল'বলৈ কাকীত উপস্থিত ৰাইজৰ দলৰ ৰাজ্যিক উপ-সভাপতি বেদান্ত লস্কৰ আৰু নগাঁও জিলাৰ ৰাইজৰ দলৰ কাৰ্য্যকৰী সভাপতি ৰিয়াজ উদ্দিন আহমেদ । ক'ৰণা মহামাৰীৰ সময়ত হোজাই জিলা প্ৰশাসনে কৰা কাকীৰ এই উচ্ছেদক ৰাইজৰ দলৰ নেতা দুগৰাকীয়ে ধিক্কাৰ দিয়াৰ লগতে কয় যে উচ্ছেদিত লোক সকলৰ আছে ভূমিৰ নথি পত্ৰ লগতে আছে তেওঁলোকৰ এন.আৰ.চিত নাম ।

কাকীৰ উচ্ছেদিত লোকৰ কাষত ৰাইজৰ দলৰ প্ৰতিনিধি

ৰাইজৰ দলৰ প্ৰতিনিধিৰ দাবী তেওঁলোক কোনো কাৰণতেই সন্দেহযুক্ত নাগৰিক নহয় । সেয়ে চৰকাৰক কাকীৰ উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন দিবলৈ আহ্বান জনাই ৰাইজৰ দলৰ নেতা দুগৰাকীয়ে । ৰাইজৰ দলৰ নেতা দুয়োগৰাকীয়ে উচ্ছেদিত লোকসকলৰ মাজত খাদ্য সামগ্ৰীও বিতৰণ কৰে ।

লগতে পঢ়ক:দিহিং পাটকাই আৰু ৰাইমনা লৈ ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.