হোজাই,3 ডিচেম্বৰ : হোজাই জিলাৰ যমুনামুখ কহাৰ গাঁৱত বুধবাৰে মাটি খান্দোতে উদ্ধাৰ হয় এটা ৰাধা-কৃষ্ণৰ মূৰ্তি ৷ বিশ্ব বৰা নামৰ লোকজনৰ ঘৰত কপাহৰ মোহা খান্দোতে উদ্ধাৰ হৈছে ৰাধা-কৃষ্ণৰ মূৰ্তিটো ।

মূৰ্তি উদ্ধাৰ হোৱাৰ পাচতে বিশ্ব বৰাৰ বাসগৃহলৈ কৌতুহলী ৰাইজৰ আগমন ঘটা পৰিলক্ষিত হয় । স্থানীয় লোকে মূৰ্তিটো অস্ত ধাতুৰে নিৰ্মিত বুলি সন্দেহ প্ৰকাশ কৰিছে ।
ইফালে স্থানীয় কৌতুহলী ৰাইজে মূৰ্তিৰ সন্মুখত ধূপ-ধূনা, নৈবদ্য আগবঢ়াই পূজা-অৰ্চনা আৰম্ভ কৰিছে । উদ্ধাৰ হোৱা মূৰ্তিটো গাঁৱতে মন্দিৰ সাজি স্থাপন কৰাৰো চিন্তা-চৰ্চা কৰিছে ৰাইজে ।
লগতে পঢ়ক : বাক্সাত পথ দুৰ্ঘটনাঃ এজন নিহত