হোজাই,১ মে: চুমিলা ৰংহাংপীৰ ৰহস্যজনক মৃত্যুকলৈ এতিয়াও ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে । উচিত তদন্তৰ লগতে দোষীক শাস্তিৰ দাবীত বিভিন্ন দল-সংগঠনে তীব্ৰ আন্দোলন অব্যাহত ৰাখিছে । ইয়াৰ মাজতে হোজাইত চুমিলাৰ আত্মাৰ সদগতিৰ প্ৰাৰ্থনা কৰি বন্তি প্ৰজ্বলন কৰা হয় ।
![protest justice for sumila](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-hojai-04-30apr-protest-vis-byte-photo-10015_30042021201359_3004f_1619793839_145.jpg)
বৰবহাত সদৌ অসম ট্ৰাইবেল সংঘৰ হোজাই জিলা সমিতিৰ উদ্যোগত বন্তি প্ৰজ্বলন কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰায় শতাধিক এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি দোষীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শাস্তি প্ৰদান কৰি দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ পৰিয়ালটোক ন্যায় প্ৰদান কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনায় ।
লগতে পঢ়ক:চুমিলা ৰংহাংপীৰ হত্যাকাৰীৰ ফাঁচিৰ দাবী বঙাইগাঁও জিলা ট্ৰাইবেল সংঘৰ