হোজাই, 19 আগষ্ট: বুধবাৰে হোজাই জিলাৰ নিলবাগানত অনুষ্ঠিত হয় এখন সংবাদমেল ৷ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে সম্বোধন কৰে সংবাদমেল খন ৷ সংবাদমেলত শিলাদিত্যদেৱ, সত্যৰঞ্জন বৰা আৰু সংখ্যালঘু উন্নয়ন ব'র্ডৰ অধ্যক্ষ মমিনুল আৱালক কৰ'ণা ভাইৰাছতকৈ অধিক বেয়া বুলি উল্লেখ কৰে সভাপতি গৰাকীয়ে ৷ তেওঁলোকৰ কাম সমাজখনৰ মাজত এক বিভাজনৰ সৃষ্টি কৰি মুনাফা লাভ কৰা বুলি তেওঁলোকৰ বিৰুদ্ধে এক সমালোচনা আগবঢ়ায় সভাপতি গৰাকীয়ে ৷ বিজেপি দল আৰু চৰকাৰে এনে নিকৃষ্ট মনৰ মানসিকতাৰ লোকসকলক সন্নিবিষ্ট সমাজ খনত বিভাজন কৰি পুনৰ ক্ষমতাত আহিবলৈ চেষ্টা কৰিছে বুলিও উল্লেখ কৰে তেওঁ ৷ তেওঁলোকক সমাজৰ হিতৰ বিপৰীতে কাম কৰা লোক বুলি অভিহিত কৰি, বিজেপি দলৰ হাতত কোনো উন্নয়নমূলক দিশ নাই বুলি মন্তব্য কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷
নাগৰিকত্ব সংশোধনী আইনকে আদি কৰি ভিন্ন ক্ষেত্ৰত দলটো অসম আৰু অসমীয়াৰ বিপক্ষে গুছি গৈছে ৷ যাৰ বাবে আগন্তুক নিৰ্বাচনত পুনৰ বিজেপি দল অসমত অহাৰ সহজ উপায় হিচাপে তেওঁলোকে মুছলমান সকলক লক্ষ্য কৰি লৈছে ৷ এই লক্ষ্য লৈয়েই তেওঁলোকে আগন্তুক বৈতৰণী পাৰ হোৱাৰ মানসিকতা লৈছে ৷ কিন্তু শংকৰ-আজানৰ অসমত প্ৰতিগৰাকী অসমীয়াই এনে ধৰণৰ বিভাজন কামনা নকৰে ৷ সকলো অসমীয়াই মিলা-প্ৰীতিৰে জীয়াই থাকি হাতে হাত ধৰি অসম খনক আগুৱাই নি এনে ধৰণৰ লোকক কোনোদিনে প্ৰশ্ৰয় নিদিয়ে বুলি সংবাদ মাধ্যমযোগে উল্লেখ কৰে আমছুৰ সভাপতি গৰাকীয়ে ৷ লগতে সংবিধানৰ 6 নং দফা আমছুয়ে কেতিয়াও মানি লোৱা নাই আৰু কেতিয়াও মানি নলয় বুলি স্পষ্টও কৰি দিয়ে সংবাদমেলযোগে ৷ আনহাতে আমছুয়ে ৰাজনৈতিক দল গঠন নকৰে যদিও, সংখ্যালঘু ৰাইজৰ স্বাৰ্থত ৰাজনীতিৰ লগত অতি সোনকালে জড়িত হৈ পৰিব বুলিও কয় সভাপতি ৰেজাউল কৰিমে ৷
লগতে পঢ়ক: 2021ৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব কণ্ঠশিল্পী বাবু বৰুৱা !