হোজাই, 15 আগষ্ট : ‘‘আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান অৰ্থহীন । বহু কষ্টৰে স্বাধীনতা অৰ্জন কৰিছো । কিবা সমস্যা থাকিলে আমাৰ মাজত আলোচনাৰ মাজেৰে সমাধান হ'ব । কিন্তু বিদেশত থাকি বৰ্জনৰ কথা কোৱাৰ কোনো অৰ্থ নাথাকে ।’’ এই মন্তব্য নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ । স্বাধীনতা দিৱসৰ দিনটোত আলফাই(স্বা) বন্ধ ঘোষণা কৰাৰ লগতে বৰ্জনৰ আহ্বান জনোৱা বিষয়টোক লৈ এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদগৰাকীয়ে (MP Pradyut Bordoloi slams ULFA)।
উল্লেখ্য যে, দেওবাৰে সাংসদগৰাকী হোজাই জিলাৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে (MP Pradyut Bordoloi at Hojai)। প্ৰথমে তেওঁ সাংসদ পুঁজিৰ কিছু অংশ আগবঢ়াই নিৰ্মাণ কৰা নতুন বজাৰৰ সবাতোকৈ পুৰণি নামঘৰটো শুভাৰম্ভ কৰে । নামঘৰটোত সেৱা লয় সাংসদগৰাকীয়ে ।
আনহাতে সাংসদ পুঁজিৰে নিৰ্মাণ কৰা কাকী মুদৈয়নী শিৱপুৰ নামঘৰৰ পকী মজিয়াও উন্মোচন কৰি তেওঁ ৰাইজৰ আৰ্শীবাদ লয় । ইফালে বৰ্তমানৰ চৰকাৰে কৰ'ণাৰ দোহাই দি দুবছৰ পূৰ্বেই সাংসদ পুঁজি বন্ধ কৰি দিয়াৰ ফলত প্ৰয়োজন অনুসৰি সাহায্য দিব নোৱৰা বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে ।
শেহতীয়া বানৰ সময়ত তেওঁ জিলাখনৰ বানাক্ৰান্তৰ ওচৰত কিয় নাছিল বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে সংসদৰ নিৰ্দেশ মৰ্মে এক বিশেষ পাঠ্যক্ৰমৰ বাবে তেওঁ আমেৰিকালৈ গৈছিল সেয়ে ৰাইজৰ কাষত উপস্থিত থাকিব পৰা নাছিল । বিৰোধী দলে তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছিল বুলিও তেওঁ অভিযোগ কৰে ।
লগতে পঢ়ক :অসম আৰক্ষীৰ ৩৮ গৰাকী বিষয়া জোৱানলৈ মুখ্যমন্ত্ৰীৰ পদক