ETV Bharat / state

Pradyut Bordoloi slams CM: মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা প্ৰদ্যুত বৰদলৈৰ - Eviction drive at Silsako

হোজাইত উপস্থিত সাংসদ প্ৰদ্যুত বৰদলৈ । ডবকাৰ পৌৰ সভাৰ এক অনুষ্ঠানত পদেন সদস্য হিচাপে শপত গ্ৰহণ কৰি সাংসদ প্ৰদ্য়ুত বৰদলৈয়ে আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰে নগাঁৱৰ সাংসদগৰাকীয়ে ।

Pradyut Bordoloi slams CM in Hojai
মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা প্ৰদ্যুত বৰদলৈৰ
author img

By

Published : Jun 16, 2023, 6:46 PM IST

মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা প্ৰদ্যুত বৰদলৈৰ

হোজাই,১৬ জুন: হোজাইৰ ডবকাত উপস্থিত নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈ । ডবকাত উপস্থিত হৈ শিলসাঁকোৰ জিঞ্জাৰ হোটেলক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ প্ৰদ্যুত বৰদলৈয়ে । তেওঁ কয় যে, জিঞ্জাৰ হোটেলৰ মাটি যদি সঁচাকৈয়ে কংগ্ৰেছ চৰকাৰৰ দিনত দিয়া হৈছিল তেতিয়া গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ গতিকে তেওঁ নজনাৰ কথাই নাই ৷

লগতে তেওঁ উল্লেখ কৰে যে, যদি পূৰ্বৰ চৰকাৰে কিবা ভুল কৰিছে সেইয়া বৰ্তমানৰ চৰকাৰৰ শুধৰনি কৰাৰ ব্যৱস্থা আছে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডেৰশ বনাম পোন্ধৰ লাখ লোকৰ বিষয়ত সাংসদ প্ৰদ্যুত বৰদলৈয়ে মন্তব্য প্ৰকাশ কৰি কয় যে সামগ্ৰিকভাৱে সমাজৰ স্বাৰ্থৰক্ষা কৰাটো দৰকাৰ ৷ সমাজৰ দুখীয়া আৰু নিঃসহায় লোকৰ ওপৰত যেতিয়া এই সিদ্ধান্তটো বাহাল কৰে তেতিয়া মানৱীয় দিশটোও চাব লাগে ৷ উচ্ছেদ কৰাৰ পূৰ্বে কিবা এটা বিকল্প ব্যৱস্থা কৰিহে উচ্ছেদ কৰিব লাগে ৷ সমষ্টি বিলুপ্তকৰনক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয় যে সেইয়া তেওঁলোকৰ ৰাজনৈতিক বিষয় ৷

লগতে পঢ়ক: Inauguration of Digital classroom: শিৱসাগৰ ছোৱালী কলেজত ডিজিটেল শ্ৰেণীকোঠা উদ্বোধন

সমষ্টি বিলুপ্তকৰণ মানে জনসংখ্যাৰ সমানুপাতিক হিচাপে সমষ্টি ভগাব লাগে ৷ যদি ২১-২২ বছৰ পুৰনি লোকপিয়লৰ তথ্য অনুসৰি সমষ্টি বিলুপ্তকৰন কৰি পুনঃগঠন কৰা হয় সেইটো এটা অস্বাভাবিক কথা হ'ব ৷ যি উদেশ্য লৈ সমষ্টি বিলুপ্তকৰণ কৰা হ'ব সেইয়া যুক্তি সংগত নহ'ব ৷ AIUDF ৰ লগত মিত্ৰতা প্ৰসংগত তেওঁ কয় যে দলৰ সিদ্ধান্তই সৰ্বোচ্চ সিদ্ধান্ত ৷ শুকুৰবাৰে ডবকাৰ পৌৰ সভাৰ এক অনুষ্ঠানত পদেন সদস্য হিচাপে শপত গ্ৰহণ কৰি সাংসদগৰাকীয়ে মন্তব্য আগবঢ়াই ৷

লগতে পঢ়ক: গুৱাহাটীত 200 শতাংশ পৰ্যন্ত বৃদ্ধি ভূমিৰ চৰকাৰী মূল্য; এবিঘা মাটি কিনাৰ পূৰ্বে চিন্তা কৰক দহবাৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.