ETV Bharat / state

বিজ্ঞান শাখাত 5ম স্থানেৰে কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়ালে আশীষ কুমাৰ গাৰ্গে - উচ্চতৰ মাধ্যমিক ছূড়ান্ত পৰীক্ষাৰ ফলাফল

উচ্চতৰ মাধ্যমিক ছূড়ান্তন্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত পঞ্চম স্থান দখল কৰি কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিলে আশীষ কুমাৰ গাৰ্গে । সৰ্বমুঠ ৪৭৮ নম্বৰ তথা ৯৫.৬% নম্বৰ লাভ কৰে ছাত্ৰ জনে ৷

আশীষ কুমাৰ গাৰ্গ
আশীষ কুমাৰ গাৰ্গ
author img

By

Published : Jun 26, 2020, 3:03 AM IST

হোজাই, 26 জুনঃ বৃহস্পতিবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক ছূড়ান্ত পৰীক্ষাৰ ফলাফলত নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰ তথা পশ্চিম কাৰ্বি আংলঙৰ মাইলুৰ সুসন্তান আশীষ কুমাৰ গাৰ্গে বিজ্ঞান শাখাত পঞ্চম স্থান দখল কৰি অঞ্চলটোৰ লগতে সমগ্ৰ কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিছে । শীৰ্ষ দহ স্থানৰ ভিতৰত নিজৰ নাম তথা নিজৰ জিলাখনৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা আশীষ কুমাৰ গাৰ্গ হৈছে মাইলু হাইস্কুলৰ প্ৰধান শিক্ষক বিষ্ণু ছেত্ৰী আৰু একেখন বিদ্যালয়ৰে শিক্ষয়ত্ৰী আৰতি দেৱীৰ একমাত্ৰ পুত্ৰ সন্তান । আশীষ কুমাৰ গাৰ্গৰ এনে সাফল্যত উৎফুল্লিত হৈছে সমগ্ৰ অঞ্চলবাসী ।

আশীষ কুমাৰ গাৰ্গ
আশীষ কুমাৰ গাৰ্গ

গাৰ্গে, সৰ্বমুঠ ৪৭৮ নম্বৰ অৰ্থাৎ ৯৫.৬% নম্বৰ লাভ কৰে ৷ মেধা ছাত্ৰজনে অধ্যয়নৰ লগতে ক্ৰিকেট খেলি আৰু বাদ্যযন্ত্ৰ বজায় ভাল পায় ।

উল্লেখ্য যে, কাৰ্বি পাহাৰৰ ডিফুৰ জীয়ৰী অলিন্দিতা কলিতাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অসমৰ ভিতৰত দশম স্থান লাভ কৰি কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়াই অনাৰ পাচতে পুনৰ উচ্চতৰ মাধ্যমিক ছূড়ান্ত পৰীক্ষাৰ ফলাফলৰ বিজ্ঞান শাখাত পঞ্চম স্থান দখল কৰি কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিলে আশীষ কুমাৰ গাৰ্গে ।

লগতে পঢ়কঃ লাউড স্পীকাৰেৰে শিক্ষাদান ঝাৰখণ্ডৰ এজন শিক্ষকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.