হোজাই, 1 1 মে' : প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ নামত হোজাইত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা অভিযোগ উখাপন হৈছে ৷ হোজাইৰ হায়াংবস্তি গাঁও পঞ্চায়তৰ একাংশ প্ৰতিনিধিৰ বিৰুদ্ধে অভিযোগৰ আঙুলি তুলিছে একাংশ ভুক্তভোগী ৰাইজে ৷
হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰাক লৈ পঞ্চায়তটোৰ প্ৰতিনিধিয়ে খেলি-মেলি কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ আনকি উক্ত তালিকাত অচিনাকী ব্যক্তিৰ লগতে এজন মানুহৰে দুবাৰ-তিনিবাৰকৈ নাম অন্তভুক্ত হোৱাৰ অভিযোগ প্ৰদান কৰিছে ৰাইজে ৷
পঞ্চায়তটোৰ অন্তৰ্গত একাংশ হিতাধিকাৰী উক্ত আঁচনিৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে এটা পৰিয়ালৰে 6 জন লোকৰ নাম উক্ত তালিকাত অন্তভুক্ত হোৱাৰ গুৰুতৰ অভিযোগ ভুক্তভোগীৰ ৷
সোমবাৰে ভুক্তভোগী ৰাইজে হায়াং এম ই স্কুলত সামাজিক দূৰত্ব বজাই দুৰ্নীতিৰ বিৰুদ্ধে একত্ৰিত হৈ বিষয়টো সন্দৰ্ভত প্ৰশাসনৰ পৰা উচিত তদন্ত বিচাৰিছে ৷
লগতে পঢ়ক : প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙক AIIMS ত ভৰ্তি