হোজাই, 19 নবেম্বৰ : আধাৰ কাৰ্ড বনোৱা কাৰ্যত অসুবিধাৰ সন্মুখীন হৈছে হোজাই জিলাৰ বহু জনসাধাৰণ । এন আৰ চি তালিকাত নাম সন্নিবিষ্ট কৰা সময়ত হাতৰ চাপ আৰু বায়’মেট্ৰিক দিয়াৰ বাবে বৰ্তমান আধাৰ কাৰ্ড বনোৱা কাৰ্যত অসুবিধাৰ সম্মূখীন হৈছে এইসকল লোক । চৰকাৰী বা বেচৰকাৰী হওক, প্ৰতিটো কামতে বৰ্তমান অত্যাৱশ্যকীয় নথি হিচাপে চিহ্নিত হৈ পৰিছে আধাৰ কাৰ্ড । স্কুল, কলেজ, বেংকৰ পৰা ধৰি দৈনন্দিন জীৱনত প্ৰতিটো চৰকাৰী ক্ষেত্ৰত প্ৰয়োজন আধাৰ কাৰ্ড ।
![people facing problem during the application for adhar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-hojai-19nov-01-aadhar-card-vis-byte-photo-10015_19112020175056_1911f_1605788456_359.jpg)
কিন্তু আধাৰ কাৰ্ড বনোৱাত বহু অসুবিধাৰ সম্মূখীন হৈছে হোজাই জিলাৰ নখুটীৰ ৰাইজ । নখুটীৰ ৰাজহুৱা ভৱনৰ সমীপত থকা আধাৰ কেন্দ্ৰলৈ আধাৰ কাৰ্ড বনোৱাৰ বাবে আহি দিনৰ দিনটো থাকি ঘূৰি যাব লগা হয় স্থানীয় ৰাইজ। কাৰণ এন আৰ চিৰ তালিকাত নাম সন্নিবিষ্ট কৰা সময়ত উক্ত অঞ্চলটোৰ ৰাইজে দিছিল হাতৰ চাপ বা বায়’মেট্ৰিক । এন আৰ চি তালিকা প্ৰস্তুতিকৰণৰ কাম বৰ্তমানো চলি থকা কাৰণে বৰ্তমান আধাৰ কাৰ্ড বনোৱা সময়ত হাতৰ ছাপ মেচিনত দিলে পূৰ্বৰ এন আৰ চি ত সন্নিবিষ্ট হৈ থকা বায়’মেট্ৰিক বা হাতৰ ছাপৰ বাবে বিফল হৈ পৰে আধাৰ কাৰ্ডৰ কাম । ফলত অসুবিধাৰ সম্মূখীন হৈছে স্থানীয় ৰাইজ ৷
স্থানীয় ৰাইজৰ আহ্বান, চৰকাৰে হয়তো কম সময়ৰ ভিতৰত এন আৰ চিৰ প্ৰস্তুতিকৰণৰ কাম শেষ কৰক নাইবা পুৰণি এন আৰ চিৰ প্ৰস্তুতিকৰণৰ বাবে দিয়া হাতৰ ছাপ সংৰক্ষণ কৰি ৰখাৰ পৰা আঁতৰাই দিয়ক ।
লগতে পঢ়ক : মহাবিদ্যালয়ত কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপনক কেন্দ্ৰ কৰি প্ৰতিবাদ