লামডিং,18 মেঃ লামডিং ৰে'লৱে চিকিৎসালয়ৰ আইচ'লেছন ৱাৰ্ডৰ পৰা পলায়ন এজন যুৱকৰ ৷ লামডিং ৰে'লৱে চিকিৎসালয় কৰ্তৃপক্ষৰ চৰম গাফিলতিৰ বাবেই সংঘটিত হ'ল ভয়াৱহ ঘটনা ৷
লামডিং ৰে'লৱে চিকিৎসালয়ত 16 তাৰিখে ভৰ্তি কৰা যুৱকজন আগৰতলা ধৰ্মনগৰৰ বাসুদেৱ দেৱনাথ বুলি জানিব পৰা গৈছে ৷ 16 তাৰিখে ৰাতিপুৱা লামডিঙত উপস্থিত হোৱা দিল্লী- ডিব্ৰুগড় 02424 নম্বৰ ৰেলখনৰ যাত্ৰী আছিল বাসুদেৱ দেৱনাথ ৷ দিল্লীৰ পৰা ৰে'ল যোগে ঘৰলৈ আহি থকা অৱস্থাত তীব্ৰ জ্বৰ হোৱাৰ বাবে লামডিঙত নমোৱা হৈছিল দেৱনাথক ৷ পৰৱৰ্তী সময়ত লামডিং ৰে'লৱে চিকিৎসালয়ত চিকিৎসা কৰোৱা হৈছিল যদিও দুদিনৰ পাছত সোমবাৰে ৰাতিপুৱা পলাই যায় যুৱক জন ৷ যুৱকজনৰ স্বাস্থ্য পৰীক্ষাৰ ৰিৰ্পট বৰ্তমানলৈকে অহা নাছিল পজিটিভ নে নিগেটিভ ৷