হোজাই, 25 জুলাই : হোজাই জিলা লংকাৰ উদালী হাইস্কুলৰ কোৱাৰেন্টাইন কেন্দ্ৰত থকা এজন যুৱকৰ মৃত্যু হয়। মৃত যুৱকজন যমুনামুখৰ পটিয়াপথাৰৰ জাহিৰ আহমেদ (২১) বুলি জানিব পৰা গৈছে ৷ ২১জুলাইত মহাৰাষ্ট্ৰৰ পৰা আহি কেন্দ্ৰটোত আছিল যুৱকজন । মহাৰাষ্ট্ৰৰ পৰা আহোতেই বমি আৰু শৌচ হৈ আহিছিল যুৱকজনৰ । শুকুৰবাৰে সন্ধিয়া যুৱকজনক লংকা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । নিশা ২-৩০বজাত যুৱকজনৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাত নগাঁৱলৈ প্ৰেৰণ কৰা হৈছিল । কোভিদ-19ৰ স্বাৱ পৰীক্ষাৰ ফলাফল অহা নাছিল যদিও ৰেপিদ এন্টিজেন পৰীক্ষাত নিগেটিভ ফলাফল ওলাইছিল যুৱকজনৰ ।
উদালী হাইস্কুলৰ কোৱাৰেন্টাইন কেন্দ্ৰত থকা এজনৰ মৃত্যু - লংকাৰ উদালী হাইস্কুল
কোৱাৰেন্টাইন কেন্দ্ৰত থকা এজন লোকৰ মৃত্যুক লৈ শংকিত উদালীবাসী ৷