হোজাই, 21 জুলাইঃ হোজাই জিলাৰ লংকাৰ উদালীত এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাক লৈ এগৰাকী লোকৰ আত্মহত্যাৰ চেষ্টা | লংকাৰ উদালী আৰক্ষী চকীৰ অন্তৰ্গত উদালী বজাৰৰ কাছাৰী গাঁৱৰ ৰহিম উদ্দিন নামৰ লোকজনৰ কিছুদিন পূৰ্বে লংকাৰ এটি এন আৰ চিৰ কেন্দ্ৰত আছিল শুনানি | শুনানিৰ দিনাই ৰহিম উদ্দিনে এন আৰ চি কেন্দ্ৰত উপস্থিত হৈ এন আৰ চি বিষয়াক নিজৰ নথি পত্ৰ প্ৰদৰ্শন কৰোঁতেই তেওঁৰ মৃত পিতৃ বসিৰ উদ্দিনৰ নাম ভোটাৰ তালিকাত বসিৰ আলী থকাত এন আৰ চিৰ বিষয়াই নাম অন্তৰ্ভুক্ত নহ'ব বুলি কয় ৷ লগতে ৫০ হাজাৰ টকা জৰিমনা নাইবা জে'ল হ'ব পাৰে বুলি কৈছিল |
পিছত উক্ত ঘটনা সন্দৰ্ভত লংকাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰহিম উদ্দিনে নিজে নগৈ আনৰ হতুৱাই আবেদন জনাইছিল ৷ যদিও কাৰ্যালয়ৰ কোনো বিষয়াই ৰহিম উদ্দিনে নিজে এন আৰ চি ৰ নথি পত্ৰ জমা কৰাৰ লগতে স্বাক্ষৰৰ বাবে নিজে আহিব লাগিব বুলি কৈছিল ৷ এই খবৰ লাভ কৰি ৰহিম উদ্দিনে স্বাক্ষৰ কৰিব আহিলেই আৰক্ষীয়ে আটক কৰিব পাৰে বুলি ভয়ত নিজৰ দিকবিদিক হেৰুৱাই ঘৰতে বিষ প্ৰাণ কৰি আত্মহত্যাৰ চেষ্টা চলায় ৷ পাচত ঘৰৰ সম্বন্ধীয় লোকে ৰহিম উদ্দিনক ততাতৈয়াকৈ প্ৰথমে লংকা প্ৰাথমিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও ৰহিমৰ অৱস্থা সংকটজনক হোৱাত হোজাই হাম চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় লোকজনক |