ETV Bharat / state

ডুবাইত কৰ'ণাত আক্ৰান্ত হোজাইৰ যুৱক

ডুবাইত কৰ'ণাত আক্ৰান্ত অসমৰ হোজাই জিলাৰ এজন যুৱক । বিগত ১৬ মাৰ্চত হোজাইৰ পৰা ডুবাইলৈ গৈছিল যুৱকজন ।

author img

By

Published : May 8, 2020, 8:25 PM IST

ডুবাই
ডুবাইত কৰ'ণাত আক্ৰান্ত হোজাইৰ যুৱক

হোজাই, ৮ মে': বিশ্বজুৰি ক’ৰণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে বিদেশত গৈ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে অসমৰ হোজাইৰ এজন যুৱক । হোজাই জিলাৰ লংকাৰ ফুলতলিৰ এজন যুৱক ডুবাইত কৰ'ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ।

খবৰ অনুসৰি, বিগত ১৬ মাৰ্চত হোজাইৰ পৰা ডুবাইলৈ গৈছিল যুৱকজন । ডুবাইত উপস্থিত হোৱাৰ পাচতে কৰ'ণা ভাইৰাছৰ উপসৰ্গই দেখা দিয়ে যুৱকজনৰ দেহত । ইতিমধ্যে ডুবাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যুৱকজনক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.