ETV Bharat / state

নিৰ্বাচন আয়োগ আৰু উপায়ুক্তৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ স্বাস্থ্যকৰ্মীৰ

প্ৰাপ্য ধন আদায় নোপোৱাত হোজাইত সোমবাৰে নিৰ্বাচন আয়োগ আৰু জিলা উপায়ুক্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে একাংশ নাৰ্চ আৰু আশা কৰ্মীয়ে ।

Nurses Protest Against DC and Election Commission At Hojai
নিৰ্বাচন আয়োগ আৰু উপায়ুক্তৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ স্বাস্থ্যকৰ্মীৰ
author img

By

Published : Apr 5, 2021, 7:24 PM IST

হোজাই, 5 এপ্ৰিল: নিৰ্বাচনী কামত নিয়োজিত একাংশ নাৰ্চ আৰু আশা কৰ্মীয়ে প্ৰাপ্য ধন আদায় নোপোৱাত সোমবাৰে হোজাইত নিৰ্বাচন আয়োগ আৰু উপায়ুক্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ্য যে, বিধান সভা নিৰ্বাচনৰ সময়ত হোজাইত জিলা উপায়ুক্তই একাংশ নাৰ্চ আৰু আশা কৰ্মীক নিয়োজিত কৰিছিল ৷ তাৰোপৰি নিযুক্ত কৰা নাৰ্চ আৰু আশা কৰ্মীসকলক প্ৰতিদিনে পাৰিশ্ৰমিক হিচাপে 250 টকা আৰু খোৱাৰ নামত 150 টকা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷

নিৰ্বাচন আয়োগ আৰু উপায়ুক্তৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ স্বাস্থ্যকৰ্মীৰ

ইফালে নিৰ্বাচনী কামত নিয়োজিত হোৱাৰ পিছতো জিলা নিৰ্বাচন আয়োগ তথা উপায়ুক্তই কোনোধৰণৰ প্ৰাপ্য ধন আদায় নিদিয়াত ক্ষুদ্ধ হৈ পৰে স্বাস্থ্য কৰ্মী সকল । উক্ত ঘটনাক কেন্দ্ৰ কৰি সমোবাৰে হোজাই অসামৰিক চিকিৎসালয়ৰ প্ৰাংগনত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে নাৰ্চ আৰু আশা কৰ্মীসকলে ৷

যদি অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকৰ প্ৰাপ্য ধন আদায় নিদিয়ে, তেনেহ'লে অনাগত দিনত জংঘী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক-তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈছে বাক্সা জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.