নিউজ ডেস্ক, 28 আগষ্টঃ ৰাজীৱ ভৱনত NSUI ৰ উদ্যোগত ছাত্ৰ সত্যাগ্ৰহ কাৰ্যসূচী ৷ JEE আৰু NEETৰ পৰীক্ষা বাতিল কৰাৰ দাবীত এইদৰে সমগ্ৰ দেশৰ লগতে গুৱাহাটীতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ মহামাৰী কৰ'ণা সময়ত সকলো শিক্ষানুষ্ঠান বন্ধ হৈ থকাৰ লগতে পৰীক্ষা সমূহো বাতিল হৈছে ৷ গতিকে এনে পৰিস্থিতিত বিজেপি নেতৃত্বাধীন চৰকাৰে গুৰুত্বপূৰ্ণ পৰীক্ষাসমূহ বাতিল কৰিব লাগে বুলি দাবী তোলে ৷
আনহাতে, গোলাঘাটতো কৰ'ণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে চৰকাৰে JEE আৰু NEET পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে । চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ ভাষাৰে গৰিহণা দি অতি শীঘ্ৰে এই পৰীক্ষা বাতিলৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে গোলাঘাট জিলা কংগ্ৰেছে ।
ঠিক একেদৰে হোজাই জিলাৰ কাকীত মুদৈয়নীত JEE আৰু NEET পৰীক্ষা বাতিলৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ৷ লামডিং ব্লক কংগ্ৰেছৰ সদস্যসকলে JEE আৰু NEET পৰীক্ষা বাতিলৰ বাবে হাতে হাতে প্লেকাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷
লগতে পঢ়কঃ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ মমিনুল আৱাল