ETV Bharat / state

হোজাইত ১০ জুলাইত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় লোক আদালত

author img

By

Published : Jul 8, 2021, 2:27 PM IST

ৰাষ্ট্ৰীয় লোক আদালত (National Lok Adalat)ত মটৰ দুর্ঘটনা অভিযোগ ন্যায়াধীকৰণ, বিবাহ সংক্ৰান্তীয়, চেক বাউন্স, এন আই আইনৰ অধীনত, অৰ্থ পুনঃৰুদ্ধাৰ গোচৰ, শ্ৰমিক বিবাদ, ৰাজহুৱা উপযোগিতামূলক সেৱা (PUS) সম্পৰ্কীয়, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড(APDCL) , ভাৰত সঞ্চাৰ নিগম লিমিটেড (BSNL), বেংক সংক্ৰান্তীয় (Bank Related), অপৰাধমূলক মিশ্ৰিত গোচৰ (Crime)আৰু অন্যান্য অসামৰিক গোচৰ আদি নিস্পত্তি কৰা হ'ব ।

হোজাইত ১০ জুলাইত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় লোক আদালত
হোজাইত ১০ জুলাইত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় লোক আদালত

হোজাই, 8 জুলাই : হোজাই জিলাত ১০ জুলাইত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় লোক আদালত (National Lok Adalat) ৷ হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব সালেহ আহমেদে বৃহস্পতিবাৰে জানিবলৈ দিয়ে এই কথা ৷ আইন সেৱা প্ৰাধিকৰণৰ সচিবগৰাকীয়ে সদৰী কৰা অনুসৰি, পূৰ্বতে ৮ মে’ত ৰাজ্যিক লোক আদালত (National Lok Adalat)খন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ৷ কিন্তু সমগ্ৰ দেশতে ক’ৰণাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলাত ৰাষ্ট্ৰীয় লোক আদালতখন স্থগিত ৰখা হৈছিল ৷

সম্পূৰ্ণ ক'ভিড স্বাস্থ্য বিধি (Covid Protocal)অনুসৰণ কৰি হোজাই শংকৰদেৱ নগৰত ১০ জুলাইত ৰাষ্ট্ৰীয় লোক আদালত (National Lok Adalat)খন অনুষ্ঠিত কৰা হ’ব । উল্লেখ্য যে, জিলা আইন সেৱা প্ৰাধিকৰণে এই ৰাষ্ট্ৰীয় লোক আদালত (National Lok Adalat)ত মটৰ দুর্ঘটনা অভিযোগ ন্যায়াধীকৰণ, বিবাহ সংক্ৰান্তীয়, চেক বাউন্স, এন আই আইনৰ অধীনত, অৰ্থ পুনঃৰুদ্ধাৰ গোচৰ, শ্ৰমিক বিবাদ, ৰাজহুৱা উপযোগিতামূলক সেৱা (PUS) সম্পৰ্কীয়, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড(APDCL) , ভাৰত সঞ্চাৰ নিগম লিমিটেড (BSNL), বেংক সংক্ৰান্তীয় (Bank Related), অপৰাধমূলক মিশ্ৰিত গোচৰ (Crime)আৰু অন্যান্য অসামৰিক গোচৰ আদি নিস্পত্তিৰ বাবে লোৱা হ'ব বুলি জানিবলৈ দিয়ে ।

উল্লেখ্য যে, লোক আদালত হৈছে এনেকুৱা এখন বিচৰালয়, য’ত কোনো আদালতত নিষ্পত্তি নোহোৱা বা কোনো বিবাদ আদালতত দিয়াৰ আগতে আপোচ মীমাংসা কৰা হয় ।

আইনী সেৱা প্ৰাধিকাৰী আইন, ১৯৮৭ ৰ অধীনত সংসদৰ পৰা লোক আদালতক মৰ্যাদা প্ৰদান কৰা হৈছে । এইখন আইনৰ মতে লোক আদালতে দিয়া ৰায়টো কোনো দেৱানী আদালতে দিয়া হুকুমৰ সমতুল্য বুলি বিবেচনা কৰা হয় আৰু এই হুকুম বাদী-বিবাদী দুয়ো পক্ষৰ বাবে অন্তিম আৰু দুয়োপক্ষই ইয়াক মানিবলৈ বাধ্য ৷ এই হুকুমৰ বিপক্ষে কোনেও আদালতত আপীল কৰিব নোৱাৰে ।

লগতে পঢ়ক : মোডী মন্ত্ৰীসভাৰ জাহাজ, পৰিবহণৰ দায়িত্বত সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.