হোজাই, 8 মেঃ লক্ ডাউনৰ মাজতে হোজাইত সংঘটিত হ'ল বাল্যবিবাহৰ ঘটনা ৷ তথ্য অনুসৰি, লংকা অন্তৰ্গত গোসাইগাঁৱৰ এগৰাকী ১৬ বছৰীয়া নাবালিকাৰ পৰিয়ালে নগাঁৱৰ ননৈৰ ৰাজীৱ শইকীয়া নামৰ যুৱকজনৰ সৈতে নাবালিকাজনীৰ বিবাহৰ যো-জা চলায় ৷ শুকুৰবাৰে নাবালিকাগৰাকীক বিয়া কৰাবলৈ হোজাইত উপস্থিত হয় দৰা ৰাজীৱ শইকীয়া ৷
হোজাই জিলা আইনসেৱা প্ৰাধিকৰণ আৰু চাইল্ড হেল্প লাইনৰ সহযোগত উদালী আৰক্ষীয়ে দৰা ৰাজীৱ শইকীয়াক আটক কৰাৰ লগতে চাইল্ড হেল্প লাইনে উদ্ধাৰ কৰে নাবালিকাক ৷ সম্প্ৰতি ৰাজীৱ শইকীয়াক উদালী আৰক্ষী পহৰা চকীত ৰখা হৈছে ৷ লক্ ডাউনৰ মাজতে লংকাত সংঘটিত এই ঘটনাকলৈ এতিয়া অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷