হোজাই, 22 জুলাই : ৰাজ্যত কৰ'ণা মহামাৰী আৰু বানপানীয়ে ত্ৰাস সৃষ্টি কৰাৰ সময়তে বুধবাৰে হোজাই জিলাত এগৰাকী মহিলাই আত্মহত্যা কৰাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জিলাখনৰ যমুনামুখ জঙ্গলব্লকত সংঘটিত হৈছে এই ঘটনা ৷
ঘটনাৰ বিৱৰণী অনুসৰি,ৰেজমিন চুলতানা নামৰ যুৱতী গৰাকী যোগীজানৰ পূব কান্ধুলিমাৰীৰ পৰা জঙ্গল ব্লকৰ মনোৱাৰ হুছেইন নামৰ লোকজনৰ সৈতে বিবাহ-পাশত আবদ্ধ হৈছিল । কিন্তু বিবাহৰ কেইমাহ মান পিচৰ পৰাই স্বামীৰ পৰিয়ালৰ পৰা মহিলা গৰাকী শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ সন্মুখীন হোৱাৰ অভিযোগ উখাপন হৈছিল ৷ আনকি,বিবাহিত মহিলা গৰাকীয়ে নিজ মাতৃৰ সন্মুখত স্বামীৰ পৰিয়ালৰ লোকে নিতৌ নিৰ্যাতন চলাই অহা বুলি মহিলা গৰাকীৰ মাতৃয়ে জানিব দিয়ে ৷
বুধবাৰে স্বামীৰ পৰিয়ালৰ পৰা ফোন যোগে মহিলা গৰাকী বিচনাৰ পৰা পৰি অচেতন হোৱা বুলি পৰিয়ালৰ লোকক জানিবলৈ দিয়ে ৷ কিন্তু ঘটনাৰ কিছু সময় পিচত আকৌ স্বামীৰ পৰিয়ালৰ লোকে মহিলা গৰাকী চিপজৰী লৈ আত্মহত্যা কৰা বুলি জানিব দিয়া ঘটনাই মহিলা গৰাকীৰ পৰিয়ালৰ লোকৰ মাজত সন্দেহৰ অৱতাৰণা কৰিছে ৷
উক্ত ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে যমুনামুখ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিচত আৰক্ষীয়ে যুৱতী গৰাকীৰ স্বামীৰ ককায়েক আৰু মাতৃক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা বুলি জানিব দিয়ে ৷ কিন্তু ঘটনাৰ লগত জড়িত মঞ্জুৰা বেগম নামৰ আন এগৰাকী মহিলা বৰ্তমানেও পলাতক অৱস্থাত থকা বুলি জানিব পৰা গৈছে ৷
আনহাতে,মহিলা গৰাকীৰ পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজৰ দাবী অনুসৰি,অনতিপলমে অভিযোগকাৰীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহাৰ দাবী উখাপন হৈছে ৷
লগতে পঢ়ক : লংগাই নৈৰ খহনীয়াৰ কবলত কৰিমগঞ্জৰ বৃহত্তৰ অঞ্চল