হোজাই, 2 মাৰ্চ : ৰাজ্যত বলিছে এতিয়া নিৰ্বাচনী গৰম বতাহ (Municipal Election 2022) ৷ যিমানে নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানে তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দল তথা প্ৰাৰ্থীৰ মাজত ৷ আনকি ইখনৰ পাচত সিখন ৰাজনৈতিক সভাতো দলৰ শীৰ্ষ নেতাসকলে নিজ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলোৱা দেখা গৈছে ৷
ৰাজ্যত আন প্ৰান্তৰ সমান্তৰাল বাবে ডবকাতো অব্যাহত আছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ ডবকা পৌৰসভাৰ অন্তৰ্গত ১০ টা ৱাৰ্ডৰ কংগ্ৰেছ, AIUDF দলৰ সমৰ্থিত প্ৰাৰ্থীৰ এক নিৰ্বাচনী সভাত মঙলবাৰে অংশগ্ৰহণ কৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷
এই সভাতে সাংসদ গৰাকীয়ে নগাঁও লোকসভা সমষ্টিৰ অধীনষ্ঠ আটাইবোৰ পৌৰসভা কংগ্ৰেছ দলৰ দখলত থাকিব বুলি মন্তব্য কৰে (MP Pradyut Bordoloi campaign in Hojai for Municipal Election 2022) ৷ আনকি কংগ্ৰেছ দলৰ পৰা এই নিৰ্বাচনত জয়ী হোৱা আটাইবোৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত তেওঁ তীক্ষ্ণ দৃষ্টি ৰাখিব বুলিও সাংবাদিকৰ আগত সদৰী কৰে ৷
লগতে পঢ়ক : Municipal Election 2022: হিয়াধাকুৰি কন্দাৰ আগতে বৰপেটাবাসীক বুজালে বিদ্যাসাগৰে