হোজাই,10 আগষ্টঃ হোজাই জিলাৰ লংকা পট্টীৰ চতুৰ্থ শ্ৰেণীৰ এটি শিশু ৷ পেখিলা খেদাৰ বয়সত এক জটিল হৃদৰোগত আক্ৰান্ত হৈ দুৰ্ভোগ ভুগি আছে শিশুটিয়ে ৷ বিগত কেইবামাহো ধৰি এই জটিল অসুখৰ বাবে শয্যাগত হৈ আছে ৰিত চৰকাৰ নামৰ এই কণমানিটো ৷ ৰিত চৰকাৰৰ উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন কেইবা লাখ টকাৰ ৷ নিজ পুত্ৰৰ মুখলৈ চাই এতিয়া উপায়ন্তৰ মাতৃয়ে পুত্ৰৰ উন্নত চৰকাৰ তথা ৰাইজৰ পৰা অলপমান সহায় আশা কৰিছে ৷
কোনো সহৃদয়ৱান লোকে কণমানিটিক সহায় কৰিব বিচাৰিলে আৰ্থিক অনুদান আগবঢ়াব পাৰিব ভাৰতীয় ষ্টেট বেংক লংকা শাখাৰ মাতৃৰ একাউন্ট নম্বৰত ( মাতৃৰ একাউন্ট নম্বৰ 37959663227আৰু আই এফ এচ চি :SBIN0009144 ) ৷ আপোনাৰ এধানিমান সহায়ে সকাহ দিব দুৰ্ভগীয়া পৰিয়ালটোক ৷
লগতে পঢ়কঃতিনিচুকীয়াত কৰ’ণা ভাইৰাছত আক্ৰান্তক মাৰপিটৰ অভিযোগ