ETV Bharat / state

খবৰ কি জানমণিৰ : দুখত ভাত-পানী এৰিছে ইন্দ্ৰই ! - জানমণি

জানমণি হেৰোৱা 15 দিন হ’ল ৷ তাই বাৰু ক’ত আছে, কিবা খবৰ আহিছে নে ? জানমণিৰ অবিহনে কেনেকৈ কটাইছে ইন্দ্ৰই ? পুলিচে বাৰু কিবা সন্ধান বিচাৰি পাইছে নে ? ফোন কৰি একো নোকোৱা নম্বৰটো কাৰ বাৰু ? পঢ়ক সবিশেষ...

অথঃ জানমণি সংবাদ : এটা ফোন নম্বৰৰ পৰা স্বামীলৈ আহিছে ফোন !

author img

By

Published : Aug 6, 2021, 7:12 PM IST

Updated : Aug 7, 2021, 4:07 PM IST

হোজাই, 6 আগষ্ট : পোন্ধৰ দিন পাৰ হ’ল, জানমণি নাহিল ৷ এতিয়াও ইন্দ্ৰই বিশ্বাস কৰি আছে, সেই পুলিচজনেই জানমণিক অপহৰণ কৰিছে ৷ তেনেকুৱা নাছিল জানমণি, ইন্দ্ৰৰ অগাধ বিশ্বাস আছে ৷ বহুত সপোন ৰচিছিল তাই, এনেকৈ বিশ্বাসঘাটকতা নকৰে ৷ জানমণিৰ দুখত ভাগি পৰিছে ইন্দ্ৰ ৷ জানমণি নোহোৱা হোৱাৰ দিন ধৰি দোকানখনো ভালকৈ খোলা নাই ইন্দ্ৰই ৷

বুকুত ইমান এটা দুখৰ বোজা লৈ কামত মন বহাই কেনেকৈ ? কোনোবা সময়ত বিশ্বাস কৰি ল’বলৈ মন যায় ইন্দ্ৰৰ, জানমণিয়ে তাক ঠগিলে ৷ কিন্তু মনে নামানে এই কথা ৷ ক’ত গ’ল বাৰু তাই ? অপহৰণ হ’লেতো কিবা খবৰ পালে হেতেন ৷ মানুহে কোৱাৰ দৰে তাই পলাই যোৱা নাইতো ? এনেকৈ এৰি গুচি যোৱাত কৈ মাৰি গুচি যোৱাই ভাল ৷ জানমণিৰ বিৰহত বাৰুকৈয়ে ভাগিছে ইন্দ্ৰ ৷

অথঃ জানমণি সংবাদ : এটা ফোন নম্বৰৰ পৰা স্বামীলৈ আহিছে ফোন !

জানমণি কেনেকৈ নোহোৱা হ’ল ? ব’লক আকৌ এবাৰ কাহিনীৰ পৃষ্ঠা লুটিয়াই চাওঁ...

চাহ-ৰুটিৰ দোকানখন দিয়েই ইন্দ্ৰই পৰিয়াল চলাইছিল ৷ সেই টকাৰেই ৰিচাৰ্জ কৰি দিছিল জানমণিৰো স্মাৰ্ট ফোনৰ ৷ পুৱাই ইন্দ্ৰ দোকানলৈ ওলাই যায় আৰু জানমণিয়ে ভ্ৰমণ কৰে ফেচবুকৰ বহল সাগৰখনত ৷ এনেদৰেই এদিন ফেচবুকত জানমণিৰ চিনাকী হ’ল অসম আৰক্ষীত কৰ্মৰত এগৰাকী লোকৰ সৈতে ৷ চিনাকীৰ পৰা লাহে লাহে বন্ধুত্ব ৷ কোন তুমি, কি কৰাৰ পৰা বন্ধুত্ব লাহে লাহে গাঢ় হৈ পৰিল ৷ ফেচবুকৰ পৰা বন্ধুত্বই বাগৰ সলালে হোৱাটচ এপলৈ ৷ ইন্দ্ৰই কিন্তু এইবোৰ গম পোৱা নাছিল ৷

লগতে পঢ়ক : Facebook-ত পুলিচৰ সৈতে চিনাকি হৈ ক’ত গ’ল দুই সন্তানৰ মাতৃ জানমণি ?

যোৱা 19 জুলাইত নগাঁৱলৈ ডাক্তৰৰ ওচৰত পেটৰ বিষ দেখুৱাবলৈ যাবলৈ ওলাল জানমণি ৷ নিজেই গাড়ীত উঠাই দিলে ইন্দ্ৰই ৷ কিন্তু জানমণি নগাঁও নাপালেগৈ ৷ আদবাটতে ভালুকমাৰীত বাছৰ পৰা নামি জানমণি বহিলগৈ এখন বিলাসী গাড়ীত ৷ সকলো দেখি আছিল বাছ চালক আৰু দুই এক চিনাকী লোকে ৷ জুই জ্বলিলেতো ধোঁৱা ওলাবৈ ৷ এই কথা গৈ কাণত পৰিল জানমণিৰ স্বামী ইন্দ্ৰৰ ৷

সেইদিনা জানমণি ঘূৰি নাহিল, আহিল পাচদিনা ৷ লগে লগে ইন্দ্ৰই সুধিলে আধা বাটত নামি কাৰ লগত গ’ল তাই ? শইতে শপতে খাই জানমণিয়ে ক’লে তাই কাৰো লগত যোৱা নাই ৷ কিন্তু ইন্দ্ৰই পাকে প্ৰকাৰন্তৰে সুধি উলিয়ালে কথাতো ৷ জানমণিয়ে ক’লে যে, লংকাৰ এজন পুলিচে এখন ফটো দেখুৱাই ব্লেকমেইল কৰি লৈ গৈছিল তাইক ৷ ইন্দ্ৰৰ মনত উৎসুকতা বাঢ়িল, আৰু কি কি হ’ল সকলো সুধিলে ৷ কিন্তু জানমণিয়ে নক’লে ৷ মাথোঁ ক’লে যে, পাচত সকলো ক’ম ৷

লগতে পঢ়ক : ৰাজ কুন্দ্ৰাৰ লেপটপত ৬৮ টা পৰ্ণ'গ্ৰাফী ভিডিঅ': অভিনেত্ৰী শ্বেৰলিন চোপ্ৰাকো আৰক্ষীৰ চমন

সেই যে পাচত সকলো ক’ম বুলি ক’লে, ইন্দ্ৰই বাটেই চাই থাকিল ৷ সকলো খুলি ক’বলৈ জানমণি আৰু ইন্দ্ৰৰ কাষত নাথাকিল ৷ 24 জুলাইত গোটৰ কামত ওলাই গৈ আজিলৈকে তাই ঘূৰিয়েই নাহিল ৷ বহুতে কৈছে, জানমণি চাগৈ পলাই গ’ল পুলিচৰ লগত ৷ কিন্তু ইন্দ্ৰৰ বিশ্বাস হোৱা নাই ৷ তাই তেনেকুৱা নহয়, আচলতে জানমণিক অপহৰণহে কৰিছে ইন্দ্ৰৰ মতে ৷ হোজাই থানাত অপহণৰ এটা গোচৰো দাখিল কৰিছে ইন্দ্ৰই ৷

অঃ আৰু এটা কথা, এইকেইদিনত ইন্দ্ৰলৈ এটা ফোন আহি আছে ৷ ৰিচিভ কৰিলে কিন্তু একো নকয় ৷ ইন্দ্ৰৰ টেনচন বাঢ়ি গৈছে ৷ সেয়ে দোকানো খুলিব পৰা নাই নিয়মীয়াকৈ ৷ কিনো জানমণি ক’লৈ গ’ল, দুটা সন্তানেৰে ইন্দ্ৰৰ লৰজৰ হ’ল ৷ বাটলৈ চাই ভাবি আছে তাই আহিব বুলি, পিছে জানমণি বা আছেগৈ ক’ত খবৰ নাই সমূলি ৷

আচলতে জানমণি পলাই গ’ল, নে অপহৰণ হ’ল ? জানমণি নোহোৱা হোৱাৰ আঁৰত আৰু কোন আছে ? সেই পুলিচজন কোন ? যদি পলাই গৈছে, কিয় তেনেকুৱা কৰিলে তাই ? অপেক্ষা কৰক, জানমণিক লগ পালেই এই সকলো প্ৰশ্নৰ উত্তৰ আপোনালোকক দিম ৷

লগতে পঢ়ক : অসংযত অৱস্থাত মুছলপুৰত দুগৰাকী যুৱতীসহ দুজন যুৱক

Last Updated : Aug 7, 2021, 4:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.