ETV Bharat / state

৫০ কেজি ওজনৰ কেক কাটি আজমল সুপাৰ ৪০ ত বিজয় উল্লাস - সৰ্বভাৰতীয় পৰ্যায়ত উজলিল আজমল সুপাৰ ৪০

সৰ্বভাৰতীয় পৰ্যায়ত উজলিল আজমল সুপাৰ ৪০ ৷ ২০২২ বৰ্ষৰ NEET পৰীক্ষাত (NEET 2022 examination) ভাৰতবৰ্ষৰ ভিতৰত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে আজমল চুপাৰ ৪০ ৰ শিক্ষাৰ্থীয়ে । আজমল সুপাৰ ৪০ ৰ ২৪০ গৰাকীতকৈ অধিক শিক্ষাৰ্থীৰ সপোন পূৰণ হোৱাৰ দিশত ৷ যাৰ বাবে বৃহস্পতিবাৰে ৫০ কেজি ওজনৰ কেক কাটি বিজয়ী উল্লাস প্ৰদৰ্শন কৰিলে আজমল সুপাৰ ৪০ ত ।

NEET 2022 examination
৫০ কেজি ওজনৰ কেক কাটি বিজয়ী উল্লাস প্ৰদৰ্শন আজমল সুপাৰ ৪০ ত
author img

By

Published : Sep 8, 2022, 10:40 PM IST

হোজাই, ৮ ছেপ্টেম্বৰ : সৰ্বভাৰতীয় পৰ্যায়ত ঐতিহাসিক ফলাফলৰে উজলিল আজমল সুপাৰ ৪০ ৷ আজমল সুপাৰ ৪০ ৰ ২৪০ গৰাকীতকৈ অধিক শিক্ষাৰ্থী উজলিল উঠিল ২০২২ বৰ্ষৰ NEET পৰীক্ষাত (NEET 2022 examination) ৷ এইবাৰ কেৱল অসমতেই নহয় গোটেই ভাৰতবৰ্ষৰ ভিতৰত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে আজমল চুপাৰ ৪০ ৰ শিক্ষাৰ্থীয়ে ।

উল্লেখ্য যে, দৰিদ্ৰ মেধাসম্পন্ন শিক্ষাৰ্থীসকলৰ চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোন পূৰণ কৰিবলৈ আজমল পৰিয়ালে আজমল ফাউণ্ডেচনৰ জৰিয়তে গ্ৰহণ কৰিছিল আজমল সুপাৰ ৪০ নামেৰে এক অভিলাসী আঁচনি (Ajmal Super 40 Scheme) ৷ আজমল সুপাৰ ৪০ য়ে আজি সৰ্বভাৰতীয় পৰ্যায়ত এক সুকীয়া পৰিচয় লাভ কৰি সেই বৃহৎ সপোনক বাস্তৱত পৰিণত কৰিবলৈ সক্ষম হৈছে ৷

৫০ কেজি ওজনৰ কেক কাটি বিজয়ী উল্লাস প্ৰদৰ্শন আজমল সুপাৰ ৪০ ত

ৰাজ্যৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ত আজমল সুপাৰ ৪০ ৰ শিক্ষাৰ্থীয়ে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷

তথ্য অনুসৰি, ২০২২ বৰ্ষৰ NEET পৰীক্ষাত ২৪০ গৰাকীতকৈ অধিক শিক্ষাৰ্থীয়ে স্থান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ ২০২২ ৰ NEET বাছনি পৰীক্ষাত আজমল সুপাৰ ৪০ ৰ শীৰ্ষ স্থান দখল কৰি স্বনৱাৰ হুছেইনে ৭২০ নম্বৰৰ ভিতৰত ৬৪১ নম্বৰ, জামাজ আখতাৰে ৬৩৮, নবিউল ইছলামে ৬৩৬, হবিবা ফিৰদৌচে ৬৩৫, ছাহিদ আহমেদে ৬৩৫, চাবা চামচাদে ৬৩১ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণত আপোচ নকৰে চৰকাৰে

আজমল ফাউণ্ডেচনৰ এগৰাকী কাৰ্যকৰ্তাই উল্লেখ কৰা অনুসৰি, সফলতা অৰ্জন কৰা এই মেধাসম্পন্ন শিক্ষাৰ্থীৰ অধিকাংশই আৰ্থিকভাৱে পিছপৰা ৷ শিক্ষাৰ্থীসকলৰ মেধা আৰু চিকিৎসক হোৱাৰ সপোনৰ কথা জানিব পাৰি আজমল ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু সিৰাজুদ্দিন আজমলৰ নিৰ্দেশত আজমল ফাউণ্ডেচনে তেওঁলোকৰ শিক্ষাৰ সম্পূৰ্ণ খৰচ বহন কৰিছিল ৷

আজমল ফাউণ্ডেচনৰ জৰিয়তে বিনামূলীয়া ক’চিঙৰ ব্যৱস্থা কৰে ৷ লগতে তেনে শিক্ষাৰ্থীক প্ৰদান কৰিছিল জলপানিও ৷ আনহাতে আৰ্থিকভাৱে সৱল শিক্ষাৰ্থীসকলকো বিশেষ ৰেহাই প্ৰদান কৰি উন্নত ক’চিং প্ৰদানেৰে তেওঁলোকৰ এই সপোন পূৰণৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল আজমল সুপাৰ ৪০ য়ে ৷ এই মেধাসম্পন্ন শিক্ষাৰ্থীসকলক দক্ষ শিক্ষকমণ্ডলীৰ দ্বাৰাও ক’চিং প্ৰদান কৰা হৈছিল ৷

আজমল সুপাৰ ৪০ ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে দিন ৰাতি একাকাৰ কৰি শিক্ষাৰ্থীসকলৰ সপোন পূৰণ কৰিবলৈ অহোপুৰুষাৰ্থ প্ৰচেষ্টা গ্ৰহণ কৰিছিল ৷ যাৰ বাবে আজি সমগ্ৰ ভাৰতৰ ভিতৰত আজমল সুপাৰ ৪০ ৰ শিক্ষাৰ্থীয়ে নিজৰ পাৰদৰ্শিতাৰে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে আজমল ফাউণ্ডেচনৰ এগৰাকী কাৰ্যকৰ্তাই ৷

উল্লেখ্য যে, আজমল সুপাৰ ৪০ ৰ এই ঐতিহাসিক সফলতাক লৈ উৎফুল্লিত হৈ পৰিছে আজমল পৰিয়াল । যাৰ বাবে বৃহস্পতিবাৰে ৫০ কেজি ওজনৰ কেক কাটি বিজয় উল্লাস পালন কৰা দেখা গ’ল আজমল সুপাৰ ৪০ ত ।

লগতে পঢ়ক : অজিত ভূঞাক তীব্ৰ সমালোচনা অতুল বৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.