ETV Bharat / state

হোজাইত কৌশলেৰে ধন লুট দুৰ্বৃত্তৰ - ছামচুন নেহাৰ

লংকাত ছামচুন নেহাৰ নামৰ এগৰাকী মহিলাৰ পৰা 5000 টকা লুটি নিয়ে দুৰ্বৃত্তই ৷এটিএম আৰু গোপন চাৰি নম্বৰৰ পিন সংগ্ৰহ কৰি লুট দুই দুৰ্বৃত্তৰ ৷

হোজাইত কৌশলেৰে ধন লুটি নিলে দুৰ্বৃত্তই
author img

By

Published : Jul 26, 2019, 6:42 PM IST

হোজাই, 26 জুলাই : হোজাইৰ লংকাত গ্ৰাহকৰ এটিএম কাৰ্ড সলনি কৰি ধন লুট কৰি নিয়াৰ এক ঘটনা সংঘটিত হৈছে ৷তথ্য অনুসৰি, লংকাৰ উদালী পহৰা চকীৰ অন্তৰ্গত ছামচুন নেহাৰ নামৰ এগৰাকী মহিলাই 22 তাৰিখে লংকাৰ এটা এটিএমৰ পৰা ধন উলিয়াবলৈ আহিছিল ৷ সেই সময়তে অচিনাক্ত দুজন লোকে মহিলা গৰাকীক টকা উলিওৱাত সহায় কৰিব বুলি কৈ এটিএম আৰু গোপন চাৰি নম্বৰৰ পিন সংগ্ৰহ কৰে ৷ কৌশলগত ভাৱে সেই নামতে আন এখন এটিএম মহিলা গৰাকীৰ হাতত অৰ্পণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুই দুৰ্বৃত্তই ৷ পিছত তিনিআলি ষ্টেট বেংক শাখা কৰ্তৃপক্ষৰ পৰাহে ভুক্তভোগী মহিলাগৰাকীয়ে জানিব পাৰে যে, দুৰ্বৃত্তই মহিলাগৰাকীৰ কাৰ্ডৰ জৰিয়তে পাঁচ হাজাৰ টকা উলিয়াই নিছে |

হোজাইত কৌশলেৰে ধন লুটি নিলে দুৰ্বৃত্তই

ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলা গৰাকীয়ে উদালী আৰক্ষী পহৰা চকীত সেই দিনাই এজাহাৰ দাখিল কৰিছিল যদিও আজি পৰ্যন্ত ঘটনা সন্দৰ্ভত কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে |

Intro:হোজাইৰ লংকাত কৌশলগত ভাৱে দুৰ্বৃত্তই গ্ৰাহকৰ এ টি এম কাৰ্ড সলনি কৰি লুটি নিলে ধন |Body:হোজাইৰ লংকাত কৌশলগত ভাৱে দুৰ্বৃত্তই গ্ৰাহকৰ এ টি এম কাৰ্ড সলনি কৰি লুটি নিলে ধন | ভোক্তভোগী মহিলাৰ উদালী আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল | বৰ্তমানলৈকে ঘটনাসন্দৰ্ভত সুং সূত্ৰই উলিয়াই পৰা নাই উদালী আৰক্ষীয়ে | ঘটনা সন্দৰ্ভত জানিব পৰা মতে,হোজাই জিলাৰ লংকাৰ উদালী পহৰা চকীৰ অন্তৰ্গত ছামচুন নেহাৰ নামৰ এগৰাকী মহিলাই ২২ জুলাই তাৰিখে লংকাৰ এটা ATM ৰ পৰা ধন উলিয়াবলৈ আহিছিল | তেনেতে,
অচিনাক্ত দুই দুৰ্বৃত্তই মহিলা গৰাকীক তেওৰ ATM কাৰ্ডৰ পৰা ধন ৰাশি উলিয়াই দিব বুলি কৈ মহিলাগৰাকীৰ ATM খন আৰু গোপন চাৰি অংকৰ নম্বৰটো বিচাৰি লৈ কৌশলগত ভাৱে চুমিত কুমাৰৰ নামত থকা অন্য এখন ATM কাৰ্ড মহিলাগৰাকীৰ হাতত দি ঘটনাস্হলীৰ পৰা পলায়ন কৰে | পিছত ভোক্তভোগী মহিলাগৰাকীয়ে তিনিআলি ষ্টেট বেংক শাখা কৰ্তৃপক্ষৰ পৰা জানিব পাৰে যে, দুই দুৰ্বৃত্তই মহিলাগৰাকীৰ ATM কাৰ্ডৰ জৰিয়তে পাচ হাজাৰ টকা উলিয়াই নিয়ে | ভোক্তভোগী মহিলা গৰাকীয়ে ঘটনা সন্দৰ্ভত উদালী আৰক্ষী পহৰা চকীত ২২ জুলাই তাৰিখেই দাখিল কৰিছিল এক এজাহাৰ | ATMত চি চি কেমেৰা থকাৰ পিছতো কিয় আজি প্ৰজন্ত আৰক্ষীয়ে দুই দুৰ্বৃত্তক আটক কৰিৱ পৰা নাই সেইয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে!!

BYTE: ভোক্তভোগী মহিলা

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.