ETV Bharat / state

Mobile veterinary hospital in Hojai:দূৰত্ব মাথো এটি ফোনকলৰ, পদূলিতে পাব পশু চিকিৎসকক - পশুপালক

হোজাইত মুকলি ভ্ৰাম্যমাণ পশু চিকিৎসালয় ৷ এটা ফোন কৰিলেই এতিয়াৰে পৰা পশুপালকৰ পদূলিত উপস্থিত হ’ব পশু চিকিৎসক ৷

Mobile veterinary hospital
মুকলি ভ্ৰাম্যমাণ পশু চিকিৎসালয়
author img

By

Published : Jul 3, 2023, 8:31 PM IST

মুকলি ভ্ৰাম্যমাণ পশু চিকিৎসালয়

হোজাই, 3 জুলাই : হোজাইত মুকলি কৰা হ’ল ভ্ৰাম্যমাণ পশু চিকিৎসালয় ৷ এটা ফোন কৰিলেই এতিয়াৰে পৰা পশুপালকৰ পদূলিত উপস্থিত হ’ব পশু চিকিৎসক ৷ সোমবাৰে এই সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে অতিৰিক্ত উপায়ুক্ত তথা হোজাই মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি (সদৰ) লাচিত কুমাৰ দাসে ৷

আজি হোজাই মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সম্মুখত আনুষ্ঠানিকভাৱে ভ্ৰাম্যমাণ পশু চিকিৎসালয়‌ বাহন মুকলি কৰা হয় ৷ এতিয়াৰে পৰা 1962 নম্বৰত ফোন কৰিলেই হোজাই মহকুমাৰ পশুপালক সকলৰ পদূলিত উপস্থিত হ’ব ভ্ৰাম্যমাণ পশুধন সাৰথি ৷ হোজাই মহকুমাৰ পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাঃ চামিম আৰা ৰহমানে আঁত ধৰা এই অনুষ্ঠানত ফ্লেগ অফ কৰে হোজাই মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লাচিত কুমাৰ দাসে ।

এই কাৰ্যসূচীৰ দ্বাৰা মহকুমাটোৰ হোজাই, লংকা, ডৱকা, যমুনামুখ এই চাৰিটা এলেকাত পশুক চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে সোমবাৰে মহকুমাটোৰ হোজাইত প্ৰথমখন ভ্ৰাম্যমাণ পশু চিকিৎসাৰ বাহন মুকলি কৰা হয় ৷ এই পশু চিকিৎসাৰ বাহন মুকলি কৰি হোজাই মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লাচিত কুমাৰ দাসে কয় যে, এই পশু চিকিৎসাৰ জৰিয়তে মহকুমাটোৰ পশুপালক সকল যথেষ্ট উপকৃত হ'ব ৷ লগতে পশু চিকিৎসাৰ ক্ষেত্ৰখন যথেষ্ট উন্নত হ’ব বুলি মন্তব্য কৰে ভাৰপ্ৰাপ্ত মহকুমাধিপতিজনে ৷

মহকুমাধিপতিজনে কয় যে, আজিলৈকে মহকুমাটোৰ পশুপালক সকলে দূৰ-দূৰণিৰ চিকিৎসালয়লৈ আহি পশুৰ বাবে প্ৰয়োজনীয় ঔষধ নিব লগা হৈছিল ৷ কিন্তু এতিয়াৰে পৰা পশুপালকসকলৰ এই সমস্যা দূৰ হ’ব ৷ কিয়নো 1962 নম্বৰত ফোন কৰিলেই এতিয়াৰে পৰা পশু পালকসকলে পশুৰ বাবে লাভ কৰিব প্ৰয়োজনীয় ঔষধ তথা চিকিৎসা ৷

আনহাতে হোজাই মহকুমাটোৰ পশুপালন আৰু চিকিৎসা বিষয়া ডাঃ চামিম আৰা ৰহমানে সংবাদ মাধ্যমক সদৰী কৰা মতে মহকুমাটোত যাতে পশু পালকসকলে পশু চিকিৎসাৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব লগা নহয় তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক : Veterinary hospital in Gohpur:গহপুৰত পশু চিকিৎসালয়ৰ পয়ালগা অৱস্থা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.