ETV Bharat / state

এগৰাকী মাতৃৰ হিয়াভগা কান্দোনে কঁপালে বিধায়কৰ হৃদয়.. - লক্​ ডাউন

হোজাইৰ এগৰাকী দুৰ্ভগীয়া মাতৃ ৷ মাতৃগৰাকীৰ হিয়াভগা বিননিয়ে হৃদয় কঁপালে হোজাইৰ বিধায়ক শিলাদিত্য় দেৱৰ ৷ লক্​ ডাউনৰ মাজত সন্ধানহীন হোৱা সন্তানক বিচাৰি মাতৃগৰাকীয়ে কাতৰ প্ৰাৰ্থনা জনালে বিধায়ক গৰাকীৰ ওচৰত ৷

missing story of ten years old boy during hojai nagaon etv bharat news assam
সন্ধানহীন শিশু
author img

By

Published : May 1, 2020, 2:41 PM IST

হোজাই,1 মে’ঃ প্ৰথম পৰ্যায়ৰ লক্​ ডাউনৰ মাজতে সন্ধানহীন হৈ আছে হোজাইৰ এটি দহ বছৰীয়া শিশু ৷ প্ৰায় 20 দিনে কোনো শুংসূত্ৰ নাই শিশুটিৰ ৷ সন্ধানহীন সন্তানক বিচাৰি ভাগৰি পৰা মাতৃয়ে অৱশেষত সহায় বিচাৰিলে হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, লংকাৰ পূৱ ভালুকমাৰীৰ ৯নং ৱাৰ্ডৰ বাসিন্দা ঊষাৰাণী দেৱনাথ নামৰ মহিলাগৰাকীৰ পুত্ৰ প্ৰথম পৰ্যায়ৰ লক্​ ডাউন চলি থকাৰ সময়তে আশ্বৰ্যজনকভাৱে ঘৰৰ সন্মুখৰ পৰা সন্ধানহীন হয় ৷ অভিজিত দেৱনাথ নামৰ শিশুটিৰ এইপৰ্যন্ত কোনো সন্ধান লাভ কৰা নাই পৰিয়ালৰ লোকে ৷ ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী চকীত এজাহাৰ দাখিল কৰিবলৈ যাওঁতে আৰক্ষীয়ে ধমক দি ওভোটাই পঠিওৱা বুলি অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে ৷

সন্ধানহীন শিশু

আনহাতে,বহু বিচাৰ-খোঁচাৰৰ অন্তত অভিজিতৰ কোনো সম্ভেদ লাভ নকৰাত ঘটনাত জৰিতৰ সন্দেহত চুবুৰীয়া সঞ্জয় দেৱনাথ আৰু অপু দেৱনাথৰ বিৰুদ্ধে লংকা আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে ৷ সমগ্ৰ বিষয়টো জানিব পাৰি হোজাইৰ বিধায়ক গৰাকীয়ে বৃহস্পতিবাৰে নিশা পৰিয়ালটোৰ কাষত উপস্থিত হয় ৷ দুৰ্ভগীয়া মাতৃগৰাকীয়ে এইক্ষেত্ৰত বিধায়ক গৰাকীৰ হস্তক্ষেপ কামনা কৰি পুত্ৰক বিচাৰি দিবলৈ কৰযোৰে আহ্বান কৰা দৃশ্যই উপস্থিত সকলোৰে আবেগিক কৰি তোলে ৷

লগতে চাওকঃ কৰিমগঞ্জত জিলাখনৰ দ্বিতীয় গৰাকী লোক আক্ৰান্ত COVID-19ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.