ETV Bharat / state

হোজাইত আয়োজন শিশু অধিকাৰ সম্পৰ্কীয় কৰ্মশালা - অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ

বুধবাৰে হোজাইত আয়োজন কৰা হয় শিশু অধিকাৰ সম্পৰ্কীয় এখনি কৰ্মশালা (Child Rights related Workshop in Hojai)। এই কৰ্মশালাত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ, ASCPCR ৰ কাৰিকৰী পৰামৰ্শদাতা মহৰ্ষি গোস্বামীৰ লগতে জিলাখনৰ প্ৰায় 25 গৰাকী সাংবাদিক ৷

Media workshop on Ending Violence against Children held in Hojai
হোজাইত আয়োজন শিশু অধিকাৰ সম্পৰ্কীয় কৰ্মশালা
author img

By

Published : Jul 6, 2022, 9:49 PM IST

হোজাই, 6 জুলাই : বুধবাৰে হোজাইত আয়োজন কৰা হয় শিশু অধিকাৰ সম্পৰ্কীয় এখনি কৰ্মশালা । অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ জৰিয়তে হোজাইত শিশু অধিকাৰ সম্পৰ্কীয় বিষয়ৰ ওপৰত হোজাই জিলাৰ সংবাদ মাধ্যমৰ লগত জড়িত লোকেসকলক লৈ আয়োজন কৰা হয় এই কৰ্মশালাৰ (Media workshop on Ending Violence against Children held in Hojai) ৷

উল্লেখ্য যে, 2020 চনত এএছচিপিচিআৰ (ASCPCR) আৰু ইউনিচেফৰ সহযোগিতাত সুৰক্ষা বিষয়ত এক অভিযান আৰম্ভ কৰা হৈছিল (UNICEF and KKHSOU organizes media workshop) । এই অভিযানৰ মূল উদ্দেশ্য আছিল বিভিন্ন ধৰণৰ হিংসা, প্ৰতিকাৰৰ ব্যৱস্থা, কৰ্তব্যবাহীসকলৰ ভূমিকা আৰু দায়িত্ব, অন্যায় ৰোধ কৰিবলৈ জনসাধাৰণে গ্ৰহণ কৰিব পৰা ব্যৱস্থাসমূহ ইত্যাদিৰ বিষয়ে জনসচেতনতা সৃষ্টি কৰা ।

হোজাইত আয়োজন শিশু অধিকাৰ সম্পৰ্কীয় কৰ্মশালা

এই কৰ্মশালাৰ জৰিয়তে যুৱক-যুৱতীসকলৰ সজাগতাৰ মাত্ৰা বৃদ্ধি কৰাৰ বাবে সংবাদ মাধ্যমে লব লগা ভূমিকা সন্দৰ্ভত আলোচনা কৰা হয় । তথ্য অনুসৰি, ইউনিচেফ অসমৰ সহযোগত 2022 চনৰ জুলাই মাহত অসমৰ বিভিন্ন জিলাত 10 খন মিডিয়া কৰ্মশালাৰ আয়োজন কৰিব ASCPCR য়ে ।

উল্লেখ্য যে, বুধবাৰে পুৱা 11 বজাৰ পৰা 2 বজালৈ হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহৰ ডিজিটেল শ্ৰেণীকোঠাত আয়োজন কৰা হয় এই বিশেষ কৰ্মশালাৰ । হোজাইত আয়োজিত এই কৰ্মশালাত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ, ASCPCR ৰ কাৰিকৰী পৰামৰ্শদাতা মহৰ্ষি গোস্বামীৰ লগতে জিলাখনৰ প্ৰায় 25 গৰাকী সাংবাদিক ৷

লগতে পঢ়ক : Agneepath scheme: অগ্নিবীৰ হোৱাৰ মানসেৰে টিংখঙত প্ৰশিক্ষণ ২ শতাধিকৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.