ETV Bharat / state

লংকাত পুৱাই সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Jan 31, 2021, 2:05 PM IST

লংকাত পুৱাই ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা । শ্বটচাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত ।

লংকাত পুৱাই ভয়ংকৰ অগ্নিকাণ্ড
লংকাত পুৱাই ভয়ংকৰ অগ্নিকাণ্ড

হোজাই, 31 জানুৱাৰী : হোজাই জিলাৰ লংকাত দেওবাৰে পুৱাই সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । লংকা থানাৰ অন্তৰ্গত মাণ্ডুলি গাঁৱৰ কৰণ সিঙৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ।

শ্বটচাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাত বহু সম্পত্তি ভস্মীভূত হয় । ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, কৰণ সিঙৰ এটা কোঠালি সম্পূৰ্ণৰূপে জুইত জাহ যোৱাৰ লগতে নগদ 19 হাজাৰ টকাৰ উপৰিও প্ৰায় দুই লাখ টকাৰ সা-সম্পত্তি বিনষ্ট হয় ।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাচতে অগ্নিনিৰ্বাপক বাহিনীক যোগাযোগ কৰিছিল যদিও কোনোধৰণৰ সঁহাৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী পৰিয়ালটোৱে । ইপিনে সমগ্ৰ ঘটনা সন্দৰ্ভত লংকা আৰক্ষীয়ে প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:অইলৰ দুই অপহৃত বিষয়াক লৈ আলফা(স্বা)ৰ প্ৰেছ বিবৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.