ETV Bharat / state

লামডিঙত দুচকীয়া বাহনৰ শ্ব'ৰুমৰ স্বত্বাধিকাৰীৰ গ্ৰাহকক লুণ্ঠন

author img

By

Published : Jun 9, 2020, 5:10 PM IST

লামডিঙত দুচকীয়া বাহন TVSৰ Showroom ৰ এগৰাকী স্বত্বাধিকাৰীয়ে গ্ৰাহকৰ পৰা জালিয়াতিৰে চলাইছে লুণ্ঠন । হাই চিকিউৰিটি নম্বৰ প্লেটকে ধৰি বাহনৰ ফাইনেঞ্চৰ নামত গ্ৰাহকৰ পৰা অতিৰিক্ত ৮/১০ হাজাৰ টকাকৈ সংগ্ৰহৰ অভিযোগ ।

Lumding TVS Showroom
লামডিঙত দুচকীয়া বাহনৰ শ্ব'ৰুমৰ স্বত্বাধিকাৰীৰ গ্ৰাহকক লুণ্ঠন

লামডিং, ৯জুন: কিছুদিন পূৰ্বে লামডিং তিনিআলিৰ বাসিন্দা গৌৰী দে নামৰ এগৰাকী মহিলাই TVSৰ Showroom টোৰ পৰা এখন দুচকীয়া বাহন ক্ৰয় কৰিছিল । সেই সময়তে মহিলাগৰাকীৰ পৰা হাই চিকিউৰিটি নম্বৰ প্লেটৰ বাবে অতিৰিক্তভাৱে সংগ্ৰহ কৰে ৪০০ টকা। যিহেতু পৰিবহন বিভাগত নম্বৰ প্লেটৰ বাবে এই ধন লোৱাৰ কোনো নিৰ্দেশনা নাই । সেয়েহে মহিলা গ্ৰাহক গৰাকী কাষ চাপে হোজাইস্থিত জিলা মটৰ পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ আৰু মটৰ পৰিবহন বিষয়াৰ লগতে গুৱাহাটীৰ পৰিবহন ভৱনলৈকো লিখিত অভিযোগৰে এখন পত্ৰ প্ৰেৰণ কৰে। ইতিমধ্যে অভিযোগৰ ভিত্তিত জিলা পৰিবহন বিষয়া তামচিন আফতাৰে Showroomটোৰ অনুজ্ঞাপত্ৰ বাতিলৰ নিৰ্দেশনা জাৰি কৰিছে ।

উল্লেখ্য যে, Showroomটোৰ স্বত্বাধিকাৰীয়ে হাই চিকিউৰিটি নম্বৰ প্লেটকে ধৰি বাহনৰ ফাইনেঞ্চ,পঞ্জীয়ন ইত্যাদিৰ নামত পূৰ্বৰ পৰাই ৮/১০হাজাৰ টকাকৈ অতিৰিক্ত ধন সংগ্ৰহেৰে গ্ৰাহকক লুণ্ঠন চলাই অহাৰ অভিযোগ আছিল । শেহতীয়াকৈ জিলা পৰিবহন বিষয়া গৰাকীয়ে লোৱা অনুজ্ঞাপত্ৰ বাতিলৰ এই পদক্ষেপক এতিয়া সকলোৱে প্ৰশংসা কৰিছে ।

দুচকীয়া বাহনৰ শ্ব'ৰুমৰ স্বত্বাধিকাৰীৰ গ্ৰাহকক লুণ্ঠণ

লগতে চাওকঃ ক্ৰমাৎ বৃদ্ধি পাইছে বাঘজান তৈলক্ষেত্ৰৰ জুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.