ETV Bharat / state

লামডিং আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণ নিচাযুক্ত টেবলেট - lumding police seized huge quantity of narcotic tablets

লামডিং আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণ নিচাযুক্ত টেবলেট ৷ বুধবাৰে নিশা লামডিং আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলায় ৷ এই অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটৰ ৷

large-quantities-of-tablets-seized-during-the-lamding-police-operation
আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণ নিচাযুক্ত টেবলেট
author img

By

Published : Jul 15, 2021, 2:32 PM IST

হোজাই, 15 জুলাই : ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাবলৈ ধৰিছে ড্ৰাগছ, নিচাজাতীয় টেবলেট আৰু অবৈধ সুৰাকে ধৰি বিভিন্ন ধৰণৰ অবৈধ সামগ্ৰী ৷ সেই অনুসৰি আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আৰক্ষীৰ অভিযানত জব্দ হৈছে নিচাজাতীয় দ্ৰব্য় ৷ বুধবাৰে নিশা লামডিং চাৰ্জ(Church) ৰ'ডৰ নিবাসী সুব্ৰত দে নামৰ যুৱকজনৰ বাসগৃহত অভিযান চলাই বাসগৃহটোৰ পৰা মুঠ 5,793 টা নিচাজাতীয় কেপচুল উদ্ধাৰ কৰে লামডিং আৰক্ষীয়ে ৷

large-quantities-of-tablets-seized-during-the-lamding-police-operation
আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণ নিচাযুক্ত টেবলেট

জব্দ কৰা নিষিদ্ধ কেপচুলখিনিৰ Spavon কেপচুল 5,793 টা আৰু Sempex কেপচুল 720 টা আৰু মুঠ 5,793 টা কেপচুল জব্দ কৰা হয়। উল্লেখ্য যে, আৰক্ষীৰ উপস্থিত হোৱাৰ পূৰ্বেই মূল অভিযুক্ত সুব্ৰত দে'ই ঘৰৰ পৰা পলায়ন কৰে । বৰ্তমানে লামডিঙ আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে অতি সোনকালে সুব্ৰত দেক কৰায়ত্ত কৰিব পৰা যাব বুলি জানিবলৈ দিয়ে লামডিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ৷

ইফালে বুধবাৰে সন্ধিয়া সান্ধ্য আইন অব্যাহত থকাৰ মাজতে ড্ৰাগছ সৰবৰাহৰ সন্দেহত নগাঁৱৰ ম'হখুলিত এখন বাহনলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলিচালনা । বিগত কেইবামাহ ধৰি আনন্দ মিশ্ৰৰ ব্যাপক তৎপৰতাত তথা অসম আৰক্ষীৰ ড্ৰাগছ মুক্ত অসম গঢ়াৰ যি অভিযান সেই অভিযানত বৃহৎ সংখ্যক অবৈধ ড্ৰাগছ, সুৰা আদি জব্দ হৈছে ৷ কিছুদিন পূৰ্বে কৰিমগঞ্জ (Karimganj)ত ড্ৰাগছৰ বিৰুদ্ধে চলোৱা আৰক্ষীৰ অভিযানত এটা ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ লগতে প্ৰায় 20 হাজাৰ টকা মূল্যৰ ইয়াবা টেবলেট (Yaba Tablet) জব্দ কৰিবলৈ সক্ষম হয় ।

অভিযানৰ সময়ত আৰক্ষী(Karimganj Police)ৰ ওপৰত ড্ৰাগছ ব্যৱসায়ীয়ে প্ৰাণঘাতী আক্ৰমণ কৰাৰ কথা জানিব পৰা হৈছে । কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষী থানা(Pathardi Police Station)ৰ অন্তৰ্গত পানীঘাট এলেকাত আৰক্ষীয়ে অভিযান চলাই ইয়াবা টেবলেট(Yaba Tablet)খিনি জব্দ কৰিবলৈ সক্ষম হয় । গোপন সূত্ৰৰ ভিত্তিত আছিমগঞ্জৰ পানীঘাট এলেকাৰ ৰকিব উদ্দিন নামৰ ব্যক্তিজনৰ ঘৰত আৰক্ষীয়ে চলাইছিল এই অভিযান ৷ আৰক্ষীয়ে আটক কৰা ড্ৰাগছ ব্যৱসায়ী (Drug Mafia) জন নাছিৰ উদ্দিন বুলি জানিব পৰা হৈছে ।

লগতে পঢ়ক:নগাঁৱত ড্ৰাগছ সৰবৰাহৰ সন্দেহত বাহনলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলিচালনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.